የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
15 : 57

فَالْیَوْمَ لَا یُؤْخَذُ مِنْكُمْ فِدْیَةٌ وَّلَا مِنَ الَّذِیْنَ كَفَرُوْا ؕ— مَاْوٰىكُمُ النَّارُ ؕ— هِیَ مَوْلٰىكُمْ ؕ— وَبِئْسَ الْمَصِیْرُ ۟

এতেকে হে মুনাফিকসকল! আজি আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ তোমালোকৰ পৰা কোনো ধৰণৰ মুক্তিপণ গ্ৰহণ কৰা নহ’ব। আনহাতে সেইসকল লোকৰ পৰাও কোনো ধৰণৰ মুক্তিপণ গ্ৰহণ কৰা নহ’ব যিসকলে প্ৰকাশ্যভাৱে আল্লাহক অস্বীকাৰ কৰিছে। প্ৰকৃততে তোমালোকৰ আৰু কাফিৰসকলৰ শেষ ঠিকনা হৈছে জাহান্নাম। সেই স্থানটো হৈছে তোমালোকৰ বাবে অধিক যোগ্য স্থান। আৰু তোমালোকেও সেই স্থানৰ বাবে অধিক যোগ্য। সেইটো কিমান যে নিকৃষ্ট ঠিকনা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• امتنان الله على المؤمنين بإعطائهم نورًا يسعى أمامهم وعن أيمانهم.
আল্লাহে মুমিনসকলৰ প্ৰতি অনুগ্ৰহ কৰি এনেকুৱা জ্যোতি প্ৰদান কৰিব, যিটো তেওঁলোকৰ সন্মুখত আৰু সোঁফালে গতি কৰিব। info

• المعاصي والنفاق سبب للظلمة والهلاك يوم القيامة.
পাপকৰ্ম আৰু নিফাক আদি হৈছে কিয়ামত দিৱসত অন্ধকাৰ আৰু ধ্বংসৰ কাৰণ। info

• التربُّص بالمؤمنين والشك في البعث، والانخداع بالأماني، والاغترار بالشيطان: من صفات المنافقين.
মু’মিনসকলৰ বিষয়ে দুৰভিসন্ধি পোষণ কৰা, পুনৰুত্থানকলৈ সন্দেহ কৰা, আশা-আকাংক্ষাৰ মায়াজালত আৱদ্ধ হোৱা আৰু চয়তানৰ দ্বাৰা প্ৰতাৰিত হোৱা, এইবোৰ হৈছে মুনাফিকসকলৰ বৈশিষ্ট্য। info

• خطر الغفلة المؤدية لقسوة القلوب.
উদাসীনতাৰ ভয়াৱহতা, ই অন্তৰক কঠোৰ হৃদয়ত পৰিণত কৰি দিয়ে। info