የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
12 : 57

یَوْمَ تَرَی الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ یَسْعٰی نُوْرُهُمْ بَیْنَ اَیْدِیْهِمْ وَبِاَیْمَانِهِمْ بُشْرٰىكُمُ الْیَوْمَ جَنّٰتٌ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ— ذٰلِكَ هُوَ الْفَوْزُ الْعَظِیْمُ ۟ۚ

সেইদিনা আপুনি দেখিবলৈ পাব মু’মিন পুৰুষ আৰু মুমিনা নাৰীসকলৰ সন্মুখত আৰু তেওঁলোকৰ সোঁফালে তেওঁলোকৰ জ্যোতিয়ে গতি কৰিছে আৰু সেইদিনা তেওঁলোকক কোৱা হ’বঃ তোমালোকৰ বাবে আজি এনেকুৱা জান্নাতৰ সুসংবাদ আছে, যিবোৰৰ অট্টালিকা আৰু বৃক্ষৰাজিৰ তলদেশত নৈ-নিজৰা প্ৰবাহিত। তেওঁলোকে তাত চিৰকাল অৱস্থান কৰিব। এই প্ৰতিদানেই হৈছে মহা সফলতা। যাৰ লগত কোনো সফলতাৰ তুলনা নহয়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• امتنان الله على المؤمنين بإعطائهم نورًا يسعى أمامهم وعن أيمانهم.
আল্লাহে মুমিনসকলৰ প্ৰতি অনুগ্ৰহ কৰি এনেকুৱা জ্যোতি প্ৰদান কৰিব, যিটো তেওঁলোকৰ সন্মুখত আৰু সোঁফালে গতি কৰিব। info

• المعاصي والنفاق سبب للظلمة والهلاك يوم القيامة.
পাপকৰ্ম আৰু নিফাক আদি হৈছে কিয়ামত দিৱসত অন্ধকাৰ আৰু ধ্বংসৰ কাৰণ। info

• التربُّص بالمؤمنين والشك في البعث، والانخداع بالأماني، والاغترار بالشيطان: من صفات المنافقين.
মু’মিনসকলৰ বিষয়ে দুৰভিসন্ধি পোষণ কৰা, পুনৰুত্থানকলৈ সন্দেহ কৰা, আশা-আকাংক্ষাৰ মায়াজালত আৱদ্ধ হোৱা আৰু চয়তানৰ দ্বাৰা প্ৰতাৰিত হোৱা, এইবোৰ হৈছে মুনাফিকসকলৰ বৈশিষ্ট্য। info

• خطر الغفلة المؤدية لقسوة القلوب.
উদাসীনতাৰ ভয়াৱহতা, ই অন্তৰক কঠোৰ হৃদয়ত পৰিণত কৰি দিয়ে। info