የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
67 : 5

یٰۤاَیُّهَا الرَّسُوْلُ بَلِّغْ مَاۤ اُنْزِلَ اِلَیْكَ مِنْ رَّبِّكَ ؕ— وَاِنْ لَّمْ تَفْعَلْ فَمَا بَلَّغْتَ رِسَالَتَهٗ ؕ— وَاللّٰهُ یَعْصِمُكَ مِنَ النَّاسِ ؕ— اِنَّ اللّٰهَ لَا یَهْدِی الْقَوْمَ الْكٰفِرِیْنَ ۟

হে ৰাছুল! আল্লাহে আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে, সেয়া পৰিপূৰ্ণৰূপে পৌঁচাই দিয়ক। একো গোপন নকৰিব, যদি আপুনি কিবা গোপন কৰে তেন্তে আপুনি আপোনাৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াসকলৰ অন্তৰ্ভুক্ত নহ'ব। (এই কথাত কোনো সন্দেহ নাই যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক সেই বিধান পৌঁচাই দিছে, যিটো পৌঁচাই দিয়াৰ আদেশ আপোনাক দিয়া হৈছিল। যিয়ে ইয়াৰ বিপৰীতে কল্পনা কৰিব, সি আল্লাহৰ ওপৰত ডাঙৰ মিছা আৰোপ লগোৱা সকলৰ অন্তৰ্ভুক্ত হব) আৰু আজিৰ পৰা আল্লাহে আপোনাক মানুহৰ পৰা ৰক্ষা কৰিব। সিহঁতে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। আপোনাৰ দায়িত্ব হৈছে কেৱল পৌঁচাই দিয়া। আল্লাহে সেই সকল কাফিৰক কেতিয়াও পোন পথৰ তাওফীক নিদিয়ে, যিসকলে নিজেই পোন পথ পাব নিবিচাৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• العمل بما أنزل الله تعالى سبب لتكفير السيئات ودخول الجنة وسعة الأرزاق.
আল্লাহৰ বিধান অনুসাৰে আমল কৰা হৈছে গুনাহ ক্ষমা হোৱাৰ কাৰণ লগতে জান্নাতত প্ৰৱেশ কৰাৰ আৰু জীৱিকা প্ৰশস্ত হোৱাৰ মাধ্যম। info

• توجيه الدعاة إلى أن التبليغ المُعتَدَّ به والمُبْرِئ للذمة هو ما كان كاملًا غير منقوص، وفي ضوء ما ورد به الوحي.
আল্লাহৰ প্ৰতি আহ্বায়ক সকলক নিৰ্দেশ দিয়া হৈছে যে, যদি তেওঁলোকৰ ধৰ্ম প্ৰচাৰ সম্পূৰ্ণৰূপে নহয় তথা অহী অনুসাৰে নহয় তেন্তে সিহঁতৰ দায়িত্ব পূৰণ নহ'ব। info

• لا يُعْتد بأي معتقد ما لم يُقِمْ صاحبه دليلًا على أنه من عند الله تعالى.
কোনো আক্বীদাই সেই সময় পৰ্যন্ত নিৰ্ভৰযোগ্য নহয়, যেতিয়া লৈকে এইটো প্ৰমাণিত নহ'ব যে, সেয়া আল্লাহৰ তৰফৰ পৰা আহিছে। info