የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
18 : 5

وَقَالَتِ الْیَهُوْدُ وَالنَّصٰرٰی نَحْنُ اَبْنٰٓؤُا اللّٰهِ وَاَحِبَّآؤُهٗ ؕ— قُلْ فَلِمَ یُعَذِّبُكُمْ بِذُنُوْبِكُمْ ؕ— بَلْ اَنْتُمْ بَشَرٌ مِّمَّنْ خَلَقَ ؕ— یَغْفِرُ لِمَنْ یَّشَآءُ وَیُعَذِّبُ مَنْ یَّشَآءُ ؕ— وَلِلّٰهِ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا ؗ— وَاِلَیْهِ الْمَصِیْرُ ۟

ইয়াহুদী আৰু নাচাৰাসকলে দাবী কৰে যে, সিহঁতে আল্লাহৰ পুত্ৰ তথা প্ৰিয়পাত্ৰ। হে ৰাছুল! আপুনি সিহঁতৰ এই দাবী খণ্ডন কৰি কৈ দিয়কঃ তেনেহলে তেওঁ তোমালোকক তোমালোকৰ গুনাহৰ শাস্তি কিয় দিয়ে। তোমালোকৰ দাবী অনুসাৰে যদি সঁচাকৈয়ে তোমালোক আল্লাহৰ প্ৰিয়পাত্ৰ তেন্তে তেওঁ তোমালোকক পৃথিৱীত হত্যা তথা মুখমণ্ডল বিকৃত কৰাৰ দৰে শাস্তি আৰু আখিৰাতত জাহান্নামৰ শাস্তি নিদিলিহেঁতেন। কিয়নো তেওঁ নিজৰ প্ৰিয়পাত্ৰসকলক শাস্তি নিদিয়ে। প্ৰকৃততে তোমালোকেও আন আন মানুহৰ দৰেই মানুহ। যিয়ে ভাল কৰ্ম কৰিব, সি জান্নাত পাব। আৰু যিয়ে বেয়া কৰ্ম কৰিব, সি পাব জাহান্নাম। আল্লাহে যাক ইচ্ছা কৰে নিজ অনুগ্ৰহেৰে ক্ষমা কৰি দিয়ে, আৰু যাক ইচ্ছা কৰে ন্যায়ৰ জৰিয়তে শাস্তি দিয়ে। আকাশমণ্ডল আৰু পৃথিৱী তথা এই উভয়ৰ মাজৰ সকলো তেওঁৰেই অধীন। আৰু তেওঁৰ ফালেই সকলোৱে প্ৰত্যাৱৰ্তন কৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تعذيب الله تعالى لكفرة بني إسرائيل بالمسخ وغيره يوجب إبطال دعواهم في كونهم أبناء الله وأحباءه.
বনী ইছৰাঈলৰ কাফিৰসকলৰ ওপৰত মুখমণ্ডল বিকৃত কৰা শাস্তিয়ে সিহঁতে কৰা এই যিটো দাবী যে, সিহঁত আল্লাহৰ পুত্ৰ তথা প্ৰিয়পাত্ৰ, সেইটোক খণ্ডন কৰে। info

• التوكل على الله تعالى والثقة به سبب لاستنزال النصر.
আল্লাহৰ ওপৰত ভৰসা কৰিলে তেওঁৰ সহায় পোৱা যায়। info

• جاءت الآيات لتحذر من الأخلاق الرديئة التي كانت عند بني إسرائيل.
এইবোৰে আয়াতে সেইসমূহ বেয়া চৰিত্ৰৰ পৰা সাৱধান কৰিছে, যিবোৰ বনী ইছৰাঈলৰ মাজত আছিল। info

• الخوف من الله سبب لنزول النعم على العبد، ومن أعظمها نعمة طاعته سبحانه.
আল্লাহক ভয় কৰাৰ ফলত বান্দাৰ ওপৰত তেওঁৰ অনুগ্ৰহ অৱতীৰ্ণ হয়। আৰু আটাইতকৈ ডাঙৰ অনুগ্ৰহটো হৈছে আল্লাহৰ আনুগত্য কৰাৰ তাওফীক প্ৰাপ্ত হোৱা। info