የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
26 : 46

وَلَقَدْ مَكَّنّٰهُمْ فِیْمَاۤ اِنْ مَّكَّنّٰكُمْ فِیْهِ وَجَعَلْنَا لَهُمْ سَمْعًا وَّاَبْصَارًا وَّاَفْـِٕدَةً ۖؗ— فَمَاۤ اَغْنٰی عَنْهُمْ سَمْعُهُمْ وَلَاۤ اَبْصَارُهُمْ وَلَاۤ اَفْـِٕدَتُهُمْ مِّنْ شَیْءٍ اِذْ كَانُوْا یَجْحَدُوْنَ بِاٰیٰتِ اللّٰهِ وَحَاقَ بِهِمْ مَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟۠

নিশ্চয় আমি হূদ আলাইহিচ্ছালামৰ জাতিক শক্তিৰ সেই সকলো সাধন প্ৰদান কৰিছিলোঁ, যিবোৰ তোমালোকক প্ৰদান কৰা নাই। আমি সিহঁতক শুনাৰ বাবে কাণ, দেখিবলৈ চকু আৰু বুজিবলৈ অন্তৰ দিছিলোঁ, কিন্তু সিহঁতৰ সেই কাণ, চকু আৰু অন্তৰেও সিহঁতক কোনো উপকাৰ কৰিব পৰা নাছিল। যেতিয়া সিহঁতৰ ওচৰলৈ আল্লাহৰ শাস্তি আহি পৰিছিল, সিহঁতৰ পৰা সেই শাস্তিক প্ৰতিৰোধ কৰিব পৰা নাছিল। কিয়নো সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। নবী হূদ আলাইহিচ্ছালামে সিহঁতক যি শাস্তিৰ পৰা সতৰ্ক কৰিছিল, সিহঁতৰ ওপৰত সেই শাস্তিয়ে নামি আহিছিল, যিটোক সিহঁতে ঠাট্টা কৰিছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لا علم للرسل بالغيب إلا ما أطلعهم ربهم عليه منه.
ৰাছুলসকলে গায়েব সম্পৰ্কে একো নাজানে। তেওঁলোকে গায়েব সম্পৰ্কে সেইখিনিয়ে জানে, যিখিনি আল্লাহে তেওঁলোকক জনাইছে। info

• اغترار قوم هود حين ظنوا العذاب النازل بهم مطرًا، فلم يتوبوا قبل مباغتته لهم.
হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায়ে শাস্তিক বৰষুণ বুলি ধাৰণা কৰি মহা ভুল কৰিছিল। সেইকাৰণেই সিহঁতে শাস্তিৰ পূৰ্বে তাওবা কৰিব পৰা নাছিল। info

• قوة قوم عاد فوق قوة قريش، ومع ذلك أهلكهم الله.
আদ সম্প্ৰদায় কুৰাইশ্বতকৈ অধিক শক্তিশালী আছিল। তথাপিও আল্লাহে সিহঁতক ধ্বংস কৰিছিল। info

• العاقل من يتعظ بغيره، والجاهل من يتعظ بنفسه.
বিবেকৱান ব্যক্তিয়ে আনৰ ভুল-ত্ৰুটিৰ পৰা শিক্ষা গ্ৰহণ কৰে, আনহাতে মূৰ্খই নিজৰ ওপৰত বিপদ নামি অহাৰ পিছতহে শিক্ষা লব বিচাৰে। info