የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
22 : 43

بَلْ قَالُوْۤا اِنَّا وَجَدْنَاۤ اٰبَآءَنَا عَلٰۤی اُمَّةٍ وَّاِنَّا عَلٰۤی اٰثٰرِهِمْ مُّهْتَدُوْنَ ۟

নহয়, এনেকুৱা কেতিয়াও হোৱা নাই। বৰং সিহঁতে পৰম্পৰাক দলিল হিচাপে লৈ কয়ঃ আমি আমাৰ পূৰ্বপুৰুষসকলক এটা ধৰ্মৰ অনুসাৰী হিচাপেই পাইছিলোঁ। সিহঁতেও মূৰ্ত্তি পূজা কৰিছিল। গতিকে আমি তেওঁলোকৰ পদচিহ্নৰ অনুসৰণ কৰিয়ে সেইবোৰৰ উপাসনা কৰি আছোঁ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• كل نعمة تقتضي شكرًا.
প্ৰত্যেক নিয়ামতেই কৃতজ্ঞতা দাবী কৰে। info

• جور المشركين في تصوراتهم عن ربهم حين نسبوا الإناث إليه، وكَرِهوهنّ لأنفسهم.
মুশ্বৰিকসকলে নিজ প্ৰতিপালকৰ ক্ষেত্ৰত অন্যায়ত লিপ্ত হৈ আছে। কিয়নো সিহঁতে আল্লাহৰ সৈতে কন্যা সন্তান সম্পৃক্ত কৰাত দ্বিধাবোধ নকৰে, কিন্তু নিজৰ বাবে সেয়া পছন্দ নকৰে। info

• بطلان الاحتجاج على المعاصي بالقدر.
পাপকৰ্মক সঠিক প্ৰমাণ কৰিবলৈ ভাগ্যক আহিলা হিচাপে লোৱা বৈধ নহয়। info

• المشاهدة أحد الأسس لإثبات الحقائق.
বাস্তৱতাক প্ৰমাণ কৰিবলৈ নিজ চকুৰে চোৱাটোও হৈছে গুৰুত্বপূৰ্ণ উৎস। info