የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
19 : 43

وَجَعَلُوا الْمَلٰٓىِٕكَةَ الَّذِیْنَ هُمْ عِبٰدُ الرَّحْمٰنِ اِنَاثًا ؕ— اَشَهِدُوْا خَلْقَهُمْ ؕ— سَتُكْتَبُ شَهَادَتُهُمْ وَیُسْـَٔلُوْنَ ۟

সিহঁতে দয়াময় আল্লাহৰ বান্দা সন্মানীয় ফিৰিস্তাসকলক কন্যা সন্তান বুলি আখ্যায়িত কৰিছে। আল্লাহে যেতিয়া তেওঁলোকক সৃষ্টি কৰিছে, সিহঁত তেতিয়া তাত উপস্থিত আছিল নেকি, যাৰ ফলত সিহঁতে তেওঁলোকক নাৰী বুলি গম পাইছে? শীঘ্ৰেই ফিৰিস্তাসকলে সিহঁতৰ এই সাক্ষ্য লিপিবদ্ধ কৰি ৰাখিব, তথা কিয়ামতৰ দিনা সিহঁতক এই বিষয়ে সোধ-পোচ কৰা হ’ব, লগতে এই মিছা প্ৰচাৰৰ বাবে সিহঁতক শাস্তি বিহা হ’ব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• كل نعمة تقتضي شكرًا.
প্ৰত্যেক নিয়ামতেই কৃতজ্ঞতা দাবী কৰে। info

• جور المشركين في تصوراتهم عن ربهم حين نسبوا الإناث إليه، وكَرِهوهنّ لأنفسهم.
মুশ্বৰিকসকলে নিজ প্ৰতিপালকৰ ক্ষেত্ৰত অন্যায়ত লিপ্ত হৈ আছে। কিয়নো সিহঁতে আল্লাহৰ সৈতে কন্যা সন্তান সম্পৃক্ত কৰাত দ্বিধাবোধ নকৰে, কিন্তু নিজৰ বাবে সেয়া পছন্দ নকৰে। info

• بطلان الاحتجاج على المعاصي بالقدر.
পাপকৰ্মক সঠিক প্ৰমাণ কৰিবলৈ ভাগ্যক আহিলা হিচাপে লোৱা বৈধ নহয়। info

• المشاهدة أحد الأسس لإثبات الحقائق.
বাস্তৱতাক প্ৰমাণ কৰিবলৈ নিজ চকুৰে চোৱাটোও হৈছে গুৰুত্বপূৰ্ণ উৎস। info