የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

የገፅ ቁጥር:close

external-link copy
52 : 42

وَكَذٰلِكَ اَوْحَیْنَاۤ اِلَیْكَ رُوْحًا مِّنْ اَمْرِنَا ؕ— مَا كُنْتَ تَدْرِیْ مَا الْكِتٰبُ وَلَا الْاِیْمَانُ وَلٰكِنْ جَعَلْنٰهُ نُوْرًا نَّهْدِیْ بِهٖ مَنْ نَّشَآءُ مِنْ عِبَادِنَا ؕ— وَاِنَّكَ لَتَهْدِیْۤ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟ۙ

হে ৰাছুল! যিদৰে আমি আপোনাৰ পূৰ্বে নবীসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলোঁ, ঠিক সেইদৰেই আমি আমাৰ ফালৰ পৰা আপোনাৰ প্ৰতি এই কোৰআন অহীৰ মাধ্যমত অৱতীৰ্ণ কৰিছোঁ। ইয়াৰ পূৰ্বে আপুনি ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হোৱা গ্ৰন্থসমূহৰ বিষয়ে জনা নাছিল, তথা এই বিষয়েও আপুনি জনা নাছিল যে, ঈমান কি বস্তু? কিন্তু এই কোৰআন আমি জ্যোতি হিচাপে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ। ইয়াৰ দ্বাৰা আমি আমাৰ যি বান্দাক ইচ্ছা কৰোঁ হিদায়ত দিওঁ। নিশ্চয় আপুনি মানুহক সঠিক পথৰ পিনে অৰ্থাৎ ইছলামৰ পিনে আহ্বান কৰি আছে। info
التفاسير:

external-link copy
53 : 42

صِرَاطِ اللّٰهِ الَّذِیْ لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— اَلَاۤ اِلَی اللّٰهِ تَصِیْرُ الْاُمُوْرُ ۟۠

আপুনি সেই আল্লাহৰ পথৰ পিনে আহ্বান কৰি আছে, যাৰ অধীনস্থ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু। তেৱেঁই এইবোৰক সৃষ্টি কৰিছে আৰু তেৱেঁই এইবোৰৰ মালিক তথা তেৱেঁই এইবোৰক পৰিচালনা কৰে। নিশ্চিতৰূপে সকলো বিষয় একমাত্ৰ তেওঁৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰে। এইবোৰৰ বিষয়ে তেৱেঁই সিদ্ধান্ত লয় আৰু তেৱেঁই সঞ্চালন কৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• سمي الوحي روحًا لأهمية الوحي في هداية الناس، فهو بمنزلة الروح للجسد.
অহীক ‘ৰূহ’ নামেৰে নামকৰণ কৰা হৈছে, কাৰণ মানুহক সঠিক পথ দেখুৱাৰ ক্ষেত্ৰত অহীয়ে গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। গতিকে ইয়াৰ স্থান শৰীৰত থকা প্ৰাণৰ দৰে। info

• الهداية المسندة إلى الرسول صلى الله عليه وسلم هي هداية الإرشاد لا هداية التوفيق.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত সম্পৃক্ত হিদায়ত হৈছে, কেৱল পথপ্ৰদৰ্শন কৰা। সেইটো তাওফীক তথা সামৰ্থ প্ৰদান কৰাৰ হিদায়ত নহয়। info

• ما عند المشركين من توحيد الربوبية لا ينفعهم يوم القيامة.
মুশ্বৰিকসকলে তাওহীদে ৰুবূবিয়্যত বিশ্বাস কৰিলেও কিয়ামতৰ দিনা ইয়াৰ দ্বাৰা কোনো লাভ নহ’ব। info