የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
45 : 41

وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ فَاخْتُلِفَ فِیْهِ ؕ— وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَّبِّكَ لَقُضِیَ بَیْنَهُمْ وَاِنَّهُمْ لَفِیْ شَكٍّ مِّنْهُ مُرِیْبٍ ۟

নিশ্চয় আমি মুছা আলাইহিচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ, কিন্তু তাত মতভেদ সৃষ্টি কৰা হৈছিল। কিছুমানে তাৰ প্ৰতি ঈমান আনিছিল আৰু আন কিছুমানে অস্বীকাৰ কৰিছিল। আল্লাহে যদি বান্দাসকলক এই প্ৰতিশ্ৰুতি নিদিলেহেঁতেন যে, কিয়ামতৰ দিনা সিহঁতৰ মাজত ফয়চালা কৰা হ’ব তেন্তে নিশ্চয় তাওৰাত সম্পৰ্কে বিভেদ কৰা লোকসকলৰ মাজত ফয়চালা কৰি দিলেহেঁতেন যে, কোন সত্য আৰু কোন মিছা। সত্যবাদীসকলক সন্মান প্ৰদান কৰিলেহেঁতেন আৰু বাতিলপন্থীক অপমানিত কৰিলেহেঁতেন। প্ৰকৃততে কাফিৰসকলে কোৰআন সম্পৰ্কে সন্দেহ তথা সংশয়ত পৰি আছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• حَفِظ الله القرآن من التبديل والتحريف، وتَكَفَّل سبحانه بهذا الحفظ، بخلاف الكتب السابقة له.
আল্লাহে কোৰআনক পৰিবৰ্তন আৰু বিকৃত আদি কাৰ্যৰ পৰা সুৰক্ষিত কৰিছে। পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ বিপৰীতে ইয়াৰ সুৰক্ষাৰ দায়িত্ব তেওঁ নিজেই গ্ৰহণ কৰিছে। info

• قطع الحجة على مشركي العرب بنزول القرآن بلغتهم.
আৰবীয়ান মুশ্বৰিকসকলৰ ভাষাত কোৰআন অৱতীৰ্ণ কৰি সিহঁতৰ অজুহাত দাঙি ধৰাৰ দুৱাৰ বন্ধ কৰি দিছে। info

• نفي الظلم عن الله، وإثبات العدل له.
আল্লাহে কাৰো প্ৰতি অন্যায় নকৰে, তথা তেওঁ সদায় ন্যায়ক প্ৰাধান্য দিয়ে। info