የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
39 : 41

وَمِنْ اٰیٰتِهٖۤ اَنَّكَ تَرَی الْاَرْضَ خَاشِعَةً فَاِذَاۤ اَنْزَلْنَا عَلَیْهَا الْمَآءَ اهْتَزَّتْ وَرَبَتْ ؕ— اِنَّ الَّذِیْۤ اَحْیَاهَا لَمُحْیِ الْمَوْتٰی ؕ— اِنَّهٗ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟

আল্লাহৰ মহানতা, তেওঁৰ তাওহীদ আৰু কিয়ামতৰ দিনা পুনৰ্জীৱিত কৰাৰ ক্ষমতা আদিৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, তুমি ভূমিক শুকান উদ্ভিদহীন দেখিবলৈ পোৱা। কিন্তু যেতিয়াই আমি বৰষুণ অৱতীৰ্ণ কৰোঁ, লগে লগে ভূমিৰ গহ্বৰত থকা বীজ আদি উদ্ভিদৰূপে গজালি মেলে আৰু সেউজীয়া হৈ পৰে। নিশ্চয় যি সত্ত্বাই মৃত ভূমিক জীৱিত কৰে, তেওঁ অৱশ্যে মৃত লোকসকলক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিবলৈ সক্ষম। নিশ্চয় তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। মৃত ভূমিক জীৱিত কৰা যিদৰে তেওঁৰ পক্ষে কোনো কঠিন কাম নহয়, ঠিক সেইদৰে মৃত লোকসকলকো কবৰৰ পৰা জীৱিত কৰাটোও তেওঁৰ পক্ষে কোনো কঠিন বিষয় নহয়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• حَفِظ الله القرآن من التبديل والتحريف، وتَكَفَّل سبحانه بهذا الحفظ، بخلاف الكتب السابقة له.
আল্লাহে কোৰআনক পৰিবৰ্তন আৰু বিকৃত আদি কাৰ্যৰ পৰা সুৰক্ষিত কৰিছে। পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ বিপৰীতে ইয়াৰ সুৰক্ষাৰ দায়িত্ব তেওঁ নিজেই গ্ৰহণ কৰিছে। info

• قطع الحجة على مشركي العرب بنزول القرآن بلغتهم.
আৰবীয়ান মুশ্বৰিকসকলৰ ভাষাত কোৰআন অৱতীৰ্ণ কৰি সিহঁতৰ অজুহাত দাঙি ধৰাৰ দুৱাৰ বন্ধ কৰি দিছে। info

• نفي الظلم عن الله، وإثبات العدل له.
আল্লাহে কাৰো প্ৰতি অন্যায় নকৰে, তথা তেওঁ সদায় ন্যায়ক প্ৰাধান্য দিয়ে। info