የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
29 : 41

وَقَالَ الَّذِیْنَ كَفَرُوْا رَبَّنَاۤ اَرِنَا الَّذَیْنِ اَضَلّٰنَا مِنَ الْجِنِّ وَالْاِنْسِ نَجْعَلْهُمَا تَحْتَ اَقْدَامِنَا لِیَكُوْنَا مِنَ الْاَسْفَلِیْنَ ۟

আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলে ক’বঃ হে আমাৰ প্ৰতিপালক! জিন আৰু মানৱৰ মাজৰ পৰা যিসকলে আমাক পথভ্ৰষ্ট কৰিছিল, আমাক সেইসকল লোকৰ দৰ্শন কৰাই দিয়া। ইবলীছক দেখুৱাই দিয়া, যিয়ে কুফৰীৰ বাট মুকলি কৰিছিল আৰু ইয়াৰ পিনে আহ্বান কৰিছিল। তথা আদমৰ সেই সন্তানক দেখুৱাই দিয়া, যিয়ে তেজ প্ৰবাহিত কৰাৰ ধাৰা আৰম্ভ কৰিছিল। জাহান্নামত আমি সিহঁতক আমাৰ ভৰিৰে মোহাৰিম। যাতে সিহঁতে জাহান্নামত নিম্নস্তৰৰ অধিবাসী হয়, যিসকলে আটাইতকৈ কঠিন শাস্তি ভোগ কৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• سوء الظن بالله صفة من صفات الكفار.
আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰাটো হৈছে কাফিৰসকলৰ এটা বৈশিষ্ট্য। info

• الكفر والمعاصي سبب تسليط الشياطين على الإنسان.
কুফৰী আৰু পাপকৰ্মৰ কাৰণে মানুহৰ ওপৰত চয়তানে প্ৰভাৱ বিস্তাৰ কৰে। info

• تمنّي الأتباع أن ينال متبوعوهم أشدّ العذاب يوم القيامة.
কিয়ামতৰ দিনা অনুসাৰীসকলে আশা কৰিব যে, সিহঁতে যিসকলক অনুসৰণ কৰিছিল সেইসকলক কঠোৰতম শাস্তি বিহা হওক। info