የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
35 : 40

١لَّذِیْنَ یُجَادِلُوْنَ فِیْۤ اٰیٰتِ اللّٰهِ بِغَیْرِ سُلْطٰنٍ اَتٰىهُمْ ؕ— كَبُرَ مَقْتًا عِنْدَ اللّٰهِ وَعِنْدَ الَّذِیْنَ اٰمَنُوْا ؕ— كَذٰلِكَ یَطْبَعُ اللّٰهُ عَلٰی كُلِّ قَلْبِ مُتَكَبِّرٍ جَبَّارٍ ۟

যিসকলে কোনো দলিল-প্ৰমাণ নোহোৱাকৈ আল্লাহৰ আয়াতসমূহকলৈ বিবাদ কৰে, তথা সেইবোৰক অসত্য বুলি প্ৰমাণ কৰিবলৈ বিতৰ্ক কৰে। সিহঁতৰ এই বিতৰ্ক আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত অতি ঘৃণনীয়। এই আয়াতসমূহক মিছা প্ৰমাণিত কৰিবলৈ বিতৰ্ক কৰা ব্যক্তিসকলৰ অন্তৰত আল্লাহে যিদৰে মোহৰ মাৰি দিছে, ঠিক সেইদৰে আল্লাহে প্ৰত্যেক সেই ব্যক্তিৰ অন্তৰতো মোহৰ মাৰি দিয়ে, যিয়ে সত্যক স্বীকাৰ কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰে, তথা অন্যায় কৰে। এতেকে সি কেতিয়াও সত্যৰ হিদায়ত নাপাব, আনকি কল্যাণৰ সন্ধানো নাপাব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الجدال لإبطال الحق وإحقاق الباطل خصلة ذميمة، وهي من صفات أهل الضلال.
সত্যক মিছা আৰু মিছাক সত্য প্ৰমাণিত কৰিবলৈ বিতৰ্ক কৰাটো হৈছে বেয়া স্বভাৱ। এইটো পথভ্ৰষ্ট লোকসকলৰ বৈশিষ্ট্য। info

• التكبر مانع من الهداية إلى الحق.
অহংকাৰে সত্যক স্বীকাৰ কৰিবলৈ বাধা দিয়ে। info

• إخفاق حيل الكفار ومكرهم لإبطال الحق.
সত্যক মিছা প্ৰমাণিত কৰিবলৈ কাফিৰসকলৰ চক্ৰান্ত সদায় বিফল হয়। info

• وجوب الاستعداد للآخرة، وعدم الانشغال عنها بالدنيا.
পাৰ্থিৱ জীৱনৰ ব্যস্ততা পৰিহাৰ কৰি আখিৰাতৰ বাবে প্ৰস্তুতি লোৱা অনিবাৰ্য। info