የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
20 : 40

وَاللّٰهُ یَقْضِیْ بِالْحَقِّ ؕ— وَالَّذِیْنَ یَدْعُوْنَ مِنْ دُوْنِهٖ لَا یَقْضُوْنَ بِشَیْءٍ ؕ— اِنَّ اللّٰهَ هُوَ السَّمِیْعُ الْبَصِیْرُ ۟۠

আল্লাহে ন্যায়ৰ সৈতে ফয়চালা কৰিব। কাৰোবাৰ ছোৱাব হ্ৰাস কৰি অথবা কাৰোবাৰ গুনাহ বৃদ্ধি কৰি কাৰো অন্যায় নকৰিব। মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে, সিহঁতৰ ফয়চালা কৰাৰ কোনো অধিকাৰ নাই। কিয়নো সিহঁত একোৰেই অধিকাৰী নহয়। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী। তথা সিহঁতৰ নিয়্যত আৰু কৰ্ম সম্পৰ্কে অৱগত। অচিৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التذكير بيوم القيامة من أعظم الروادع عن المعاصي.
কিয়ামতৰ স্মৰণ হৈছে গুনাহৰ পৰা বিৰত থকাৰ প্ৰমুখ উপায়। info

• إحاطة علم الله بأعمال عباده؛ خَفِيَّة كانت أم ظاهرة.
আল্লাহৰ জ্ঞানে তেওঁৰ বান্দাসকলৰ প্ৰকাশ্য অপ্ৰকাশ্য সকলো কৰ্ম পৰিবেষ্টন কৰি আছে। info

• الأمر بالسير في الأرض للاتعاظ بحال المشركين الذين أهلكوا.
পূৰ্বৱৰ্তী ধ্বংসপ্ৰাপ্ত মুশ্বৰিকসকলৰ অৱস্থাৰ পৰা শিক্ষা লবলৈ পৃথিৱীৰ বুকুত ভ্ৰমণ কৰাৰ আদেশ দিয়া হৈছে। info