የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
10 : 40

اِنَّ الَّذِیْنَ كَفَرُوْا یُنَادَوْنَ لَمَقْتُ اللّٰهِ اَكْبَرُ مِنْ مَّقْتِكُمْ اَنْفُسَكُمْ اِذْ تُدْعَوْنَ اِلَی الْاِیْمَانِ فَتَكْفُرُوْنَ ۟

নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, কিয়ামতৰ দিনা সিহঁতে যেতিয়া জাহান্নামত প্ৰৱেশ কৰিব তথা নিজেই নিজকে ভৰ্ৎসনা কৰিব আৰু অভিশাপ কৰিব তেতিয়া সিহঁতক মাতি কোৱা হ’বঃ আজি তোমালোকে নিজৰ ওপৰত যিমান ক্ৰোধান্বিত হৈছা, ইয়াতকৈও অধিক আল্লাহ তাআলা তোমালোকৰ ওপৰত ক্ৰোধান্বিত হৈছিল যেতিয়া তোমালোকে পৃথিৱীত আল্লাহৰ প্ৰতি ঈমান আনিবলৈ অস্বীকাৰ কৰিছিলা। আৰু তেওঁৰ সৈতে বহুতো উপাস্য গ্ৰহণ কৰিছিলা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مَحَلُّ قبول التوبة الحياة الدنيا.
তাওবা কবূল হোৱাৰ একমাত্ৰ ঠাই হৈছে পাৰ্থিৱ জীৱন। info

• نفع الموعظة خاص بالمنيبين إلى ربهم.
উপদেশ কেৱল সেইসকল লোকৰ বাবেই লাভদায়ক, বিশেষকৈ যিসকলে নিজ প্ৰতিপালকৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰে তথা তাওবা কৰে। info

• استقامة المؤمن لا تؤثر فيها مواقف الكفار الرافضة لدينه.
কাফিৰসকলৰ ফালৰ পৰা ধৰ্মক প্ৰত্যাখ্যান কৰা মন্তব্যই প্ৰতিষ্ঠিত মুমিনক কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে। info

• خضوع الجبابرة والظلمة من الملوك لله يوم القيامة.
কিয়ামতৰ দিনা ডাঙৰ ডাঙৰ যালিম তথা শক্তিশালী বাদশ্বাহসকলেও আল্লাহৰ সন্মুখত শিৰনত কৰি থিয় দিব। info