የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
32 : 39

فَمَنْ اَظْلَمُ مِمَّنْ كَذَبَ عَلَی اللّٰهِ وَكَذَّبَ بِالصِّدْقِ اِذْ جَآءَهٗ ؕ— اَلَیْسَ فِیْ جَهَنَّمَ مَثْوًی لِّلْكٰفِرِیْنَ ۟

সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ’ব নোৱাৰে যিয়ে আল্লাহৰ সৈতে অনুচিত বিষয়বোৰ সম্পৃক্ত কৰি কয় যে, তেওঁৰ অংশী আছে অথবা স্ত্ৰী আৰু সন্তানো আছে। এইদৰে সেই ব্যক্তিও মহা অন্যায়কাৰী, যিয়ে সেই অহীক অস্বীকাৰ কৰে যিটো ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ আহিছে। আল্লাহক অস্বীকাৰ কৰা তথা ৰাছুলে লৈ অহা চৰীয়তক নাকচ কৰা কাফিৰসকলৰ বাবে জাহান্নাম অন্তিম ঠিকনা তথা বাসস্থান নহয়নে?! কিয় নহয়, নিশ্চয় সিহঁতৰ ঠিকনা তথা বাসস্থান হৈছে জাহান্নাম। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عظم خطورة الافتراء على الله ونسبة ما لا يليق به أو بشرعه له سبحانه.
আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা, তেওঁৰ সৈতে অনুচিত বিষয়বোৰ সম্পৃক্ত কৰা তথা তেওঁৰ চৰীয়তত কোনো বিষয় সংযোজন কৰা আদি হৈছে মহা অপৰাধ। info

• ثبوت حفظ الله للرسول صلى الله عليه وسلم أن يصيبه أعداؤه بسوء.
এই কথা প্ৰমাণিত যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক শত্ৰুৰ পৰা স্বয়ং আল্লাহেই সুৰক্ষিত ৰাখিছিল। info

• الإقرار بتوحيد الربوبية فقط بغير توحيد الألوهية، لا ينجي صاحبه من عذاب النار.
তাওহীদে উলুহিয়্যত স্বীকাৰ নকৰাকৈ কেৱল তাওহীদে ৰূবুবিয়্যত স্বীকাৰ কৰিলেই জাহান্নামৰ পৰা মুক্তি লাভ কৰা সম্ভৱ নহয়। info