የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
21 : 39

اَلَمْ تَرَ اَنَّ اللّٰهَ اَنْزَلَ مِنَ السَّمَآءِ مَآءً فَسَلَكَهٗ یَنَابِیْعَ فِی الْاَرْضِ ثُمَّ یُخْرِجُ بِهٖ زَرْعًا مُّخْتَلِفًا اَلْوَانُهٗ ثُمَّ یَهِیْجُ فَتَرٰىهُ مُصْفَرًّا ثُمَّ یَجْعَلُهٗ حُطَامًا ؕ— اِنَّ فِیْ ذٰلِكَ لَذِكْرٰی لِاُولِی الْاَلْبَابِ ۟۠

সচৰাচৰ তোমালোকে দেখিবলৈ পোৱা যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তেৱেঁই সেই পানীক প্ৰস্ৰৱনত প্ৰৱেশ কৰায় আৰু প্ৰবাহিত কৰে। ইয়াৰ পিছত সেই পানীৰে তেওঁ বিভিন্ন বৰণৰ খেতি উৎপন্ন কৰে। অৱশেষত সেই শস্য পকি যায়। হে প্ৰত্যক্ষকাৰী ব্যক্তি! নিশ্চয় তোমালোকে দেখিবলৈ পোৱা যে, সেই সেউজীয়া শস্য এটা সময়ত হালধীয়া হৈ পৰে। ইয়াৰ পিছত তেওঁ সেইবোৰক খেৰকুটাত পৰিণত কৰে। নিশ্চয় এই বৰ্ণনা সেইসকল লোকৰ বাবে শিক্ষাপ্ৰদ, যিসকল জীৱিত অন্তৰৰ অধিকাৰী। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إخلاص العبادة لله شرط في قبولها.
ইবাদত গ্ৰহণযোগ্য হোৱাৰ চৰ্ত হৈছে, একমাত্ৰ আল্লাহৰ বাবে নিৰ্ভেজালভাৱে ইবাদত কৰা। info

• المعاصي من أسباب عذاب الله وغضبه.
আল্লাহৰ শাস্তি আৰু তেওঁৰ অসন্তুষ্টিৰ সন্মুখীন হোৱাৰ অন্যতম কাৰণ হৈছে গুনাহ বা পাপকৰ্ম। info

• هداية التوفيق إلى الإيمان بيد الله، وليست بيد الرسول صلى الله عليه وسلم.
ঈমান পোষণ কৰিবলৈ হিদায়তৰ তাওফীক প্ৰদান কৰাৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। এই অধিকাৰ ৰাছুলৰ হাততো নাই। info