የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
20 : 39

لٰكِنِ الَّذِیْنَ اتَّقَوْا رَبَّهُمْ لَهُمْ غُرَفٌ مِّنْ فَوْقِهَا غُرَفٌ مَّبْنِیَّةٌ ۙ— تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؕ۬— وَعْدَ اللّٰهِ ؕ— لَا یُخْلِفُ اللّٰهُ الْمِیْعَادَ ۟

পক্ষান্তৰে যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আছে সুউচ্চ বহুতো অট্টালিকা। কিছুমান আন কিছুমানতকৈ ওখ হ’ব। সেইবোৰৰ তলদেশত প্ৰবাহিত থাকিব নদীসমূহ। এই প্ৰতিশ্ৰুতি আল্লাহে তেওঁলোকক প্ৰদান কৰিছে। নিশ্চয় আল্লাহে কেতিয়াও প্ৰতিশ্ৰুতি ভংগ নকৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إخلاص العبادة لله شرط في قبولها.
ইবাদত গ্ৰহণযোগ্য হোৱাৰ চৰ্ত হৈছে, একমাত্ৰ আল্লাহৰ বাবে নিৰ্ভেজালভাৱে ইবাদত কৰা। info

• المعاصي من أسباب عذاب الله وغضبه.
আল্লাহৰ শাস্তি আৰু তেওঁৰ অসন্তুষ্টিৰ সন্মুখীন হোৱাৰ অন্যতম কাৰণ হৈছে গুনাহ বা পাপকৰ্ম। info

• هداية التوفيق إلى الإيمان بيد الله، وليست بيد الرسول صلى الله عليه وسلم.
ঈমান পোষণ কৰিবলৈ হিদায়তৰ তাওফীক প্ৰদান কৰাৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। এই অধিকাৰ ৰাছুলৰ হাততো নাই। info