የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
15 : 39

فَاعْبُدُوْا مَا شِئْتُمْ مِّنْ دُوْنِهٖ ؕ— قُلْ اِنَّ الْخٰسِرِیْنَ الَّذِیْنَ خَسِرُوْۤا اَنْفُسَهُمْ وَاَهْلِیْهِمْ یَوْمَ الْقِیٰمَةِ ؕ— اَلَا ذٰلِكَ هُوَ الْخُسْرَانُ الْمُبِیْنُ ۟

হে মুশ্বৰিকসকল! যোৱা, তেওঁৰ বাহিৰে তোমালোকে যি মূৰ্ত্তিৰ ইচ্ছা সেই মূৰ্ত্তিৰেই উপাসনা কৰাগৈ, (ইয়াত ধমকৰ সুৰত কোৱা হৈছে)। হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় প্ৰকৃত ক্ষতিগ্ৰস্ত হৈছে সেইসকল, যিসকলে নিজৰ ক্ষতি সাধন কৰে আৰু নিজ পৰিয়ালৰ ক্ষতি কৰে। ফলত সিহঁতে সাক্ষাৎ কৰিব নোৱাৰিব। হয়তো সিহঁতৰ পৰিয়ালবৰ্গ জান্নাতত প্ৰৱেশ কৰাৰ কাৰণে সিহঁতৰ পৰা বিচ্ছিন্ন হ’ব, অন্যথা একেলগে জাহান্নামত প্ৰৱেশ কৰাৰ পিছতো পৰস্পৰে কেতিয়াও সাক্ষাৎ কৰিব নোৱাৰিব। জানি থোৱা! এইটোৱেই স্পষ্ট ক্ষতি, ইয়াত কোনো সন্দেহ নাই। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إخلاص العبادة لله شرط في قبولها.
ইবাদত গ্ৰহণযোগ্য হোৱাৰ চৰ্ত হৈছে, একমাত্ৰ আল্লাহৰ বাবে নিৰ্ভেজালভাৱে ইবাদত কৰা। info

• المعاصي من أسباب عذاب الله وغضبه.
আল্লাহৰ শাস্তি আৰু তেওঁৰ অসন্তুষ্টিৰ সন্মুখীন হোৱাৰ অন্যতম কাৰণ হৈছে গুনাহ বা পাপকৰ্ম। info

• هداية التوفيق إلى الإيمان بيد الله، وليست بيد الرسول صلى الله عليه وسلم.
ঈমান পোষণ কৰিবলৈ হিদায়তৰ তাওফীক প্ৰদান কৰাৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। এই অধিকাৰ ৰাছুলৰ হাততো নাই। info