የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

የገፅ ቁጥር:close

external-link copy
75 : 39

وَتَرَی الْمَلٰٓىِٕكَةَ حَآفِّیْنَ مِنْ حَوْلِ الْعَرْشِ یُسَبِّحُوْنَ بِحَمْدِ رَبِّهِمْ ۚ— وَقُضِیَ بَیْنَهُمْ بِالْحَقِّ وَقِیْلَ الْحَمْدُ لِلّٰهِ رَبِّ الْعٰلَمِیْنَ ۟۠

কিয়ামতৰ দিনা ফিৰিস্তাসকলে মহাসিংহাসনক অৰ্থাৎ আৰছক পৰিবেষ্টন কৰি থাকিব। কাফিৰসকলে তেওঁক যিবোৰ অনুচিত বিষয়ৰ সৈতে সম্পৃক্ত কৰে, সেইবোৰৰ পৰা তেওঁলোকে তেওঁক পৱিত্ৰ ঘোষণা কৰিব। আল্লাহে গোটেই সৃষ্টিজগতৰ মাজত ন্যায় সহকাৰে ফয়চালা কৰিব। এতেকে যিয়ে সন্মানৰ উপযুক্ত তাক সন্মান প্ৰদান কৰিব আৰু যিজন শাস্তিৰ উপযুক্ত তাক শাস্তি বিহিব। কোৱা হ’বঃ সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, তেৱেঁই মুমিন বান্দাসকলৰ পক্ষত দয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কাফিৰসকলৰ বাবে শাস্তিৰ সিদ্ধান্ত লৈছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الجمع بين الترغيب في رحمة الله، والترهيب من شدة عقابه: مسلك حسن.
আল্লাহৰ ৰহমত কামনা কৰা আৰু তেওঁৰ শাস্তিক ভয় কৰা, এই দুয়োটা বস্তু সমান্তৰালভাৱে থকাটো হৈছে উত্তম পন্থা। info

• الثناء على الله بتوحيده والتسبيح بحمده أدب من آداب الدعاء.
আল্লাহৰ তাওহীদ স্বীকাৰ কৰি তেওঁৰ গুণগান কৰা, আৰু প্ৰশংসাৰ সৈতে তেওঁৰ তাছবীহ পাঠ কৰা, এইটো হৈছে দুআ কৰাৰ এটা অন্যতম পদ্ধতি। info

• كرامة المؤمن عند الله؛ حيث سخر له الملائكة يستغفرون له.
আল্লাহৰ ওচৰত মুমিনসকলৰ বিশেষ মৰ্যাদা আছে, সেইকাৰণেই আল্লাহে মুমিনসকলৰ বাবে ফিৰিস্তা নিয়োজিত কৰি ৰাখিছে, যিসকলে মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। info