የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
4 : 38

وَعَجِبُوْۤا اَنْ جَآءَهُمْ مُّنْذِرٌ مِّنْهُمْ ؗ— وَقَالَ الْكٰفِرُوْنَ هٰذَا سٰحِرٌ كَذَّابٌ ۟ۖۚ

আৰু সিহঁতে আশ্চৰ্য প্ৰকাশ কৰি কৈছিল যেতিয়া সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰিত হৈছিল, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ ভয় দেখুৱাইছিল যে, যদি সিহঁতে এইদৰে কুফৰীৰ ওপৰত অবিচল থাকে তেন্তে সিহঁতে আল্লাহৰ শাস্তিৰ সন্মুখীন হ’ব। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ সপক্ষে দলিল-প্ৰমাণবোৰ প্ৰত্যক্ষ কৰাৰ পিছত কাফিৰসকলে ক’লেঃ এওঁ হৈছে যাদুকৰ ব্যক্তি, যিয়ে মানুহক যাদু কৰে। তথা এওঁ এজন মিছলীয়া ব্যক্তি, যিয়ে নিজকে আল্লাহৰ ৰাছুল বুলি দাবী কৰে আৰু আল্লাহে তেওঁৰ প্ৰতি অহী কৰে বুলি দাবী কৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أقسم الله عز وجل بالقرآن العظيم، فالواجب تَلقِّيه بالإيمان والتصديق، والإقبال على استخراج معانيه.
আল্লাহে পৱিত্ৰ মহান কোৰআনৰ শপত খাইছে। গতিকে ইয়াৰ ওপৰত ঈমান পোষণ কৰা আৰু ইয়াক সমৰ্থন কৰা অত্যাৱশ্যক। লগতে ইয়াৰ তাৎপৰ্যক স্বীকাৰ কৰা উচিত। info

• غلبة المقاييس المادية في أذهان المشركين برغبتهم في نزول الوحي على السادة والكبراء.
মুশ্বৰিকসকলৰ চিন্তাধাৰাক ভৌতিক চাহিদাই গ্ৰাস কৰিছে। সেইকাৰণেই সিহঁতে তুলনাৰ ক্ষেত্ৰত ভৌতিক বস্তুক অগ্ৰাধিকাৰ দিয়ে। যাৰ ফলত সিহঁতে নেতৃস্থানীয় আৰু প্ৰমুখ লোকসকলৰ ওপৰত অহী অৱতীৰ্ণ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। info

• سبب إعراض الكفار عن الإيمان: التكبر والتجبر والاستعلاء عن اتباع الحق.
কাফিৰসকলে ঈমান পোষণ নকৰাৰ অন্যতম কাৰণ হৈছে সিহঁতৰ অহংকাৰ, গৌৰৱ আৰু আত্মাভিমান। info