የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
63 : 37

اِنَّا جَعَلْنٰهَا فِتْنَةً لِّلظّٰلِمِیْنَ ۟

আমি এই গছজোপাক এটা পৰীক্ষাস্বৰূপ বনাইছোঁ। ইয়াৰ দ্বাৰা সেইসকল লোকৰ পৰীক্ষা লোৱা হয়, যিসকলে কুফৰী আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে। সিহঁতে কয়ঃ জুয়ে গছ-গছনি খৰি আদিক পুৰি পেলায়, গতিকে জুইৰ মাজত গছ হোৱাটো সম্ভৱ নহয়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الظفر بنعيم الجنان هو الفوز الأعظم، ولمثل هذا العطاء والفضل ينبغي أن يعمل العاملون.
জান্নাতৰ নিয়ামত লাভ কৰাটোৱে হৈছে মহাসফলতা। এনেকুৱা প্ৰতিদান আৰু সফলতাৰ বাবেই আমলকাৰীসকলে আমল কৰা উচিত। info

• إن طعام أهل النار هو الزقّوم ذو الثمر المرّ الكريه الطعم والرائحة، العسير البلع، المؤلم الأكل.
জাহান্নামত জাহান্নামীসকলৰ খাদ্য বস্তু হ’ব যাক্কুম গছৰ ফল। যি ফল অত্যন্ত দুৰ্গন্ধযুক্ত তথা অতি উৎকট আৰু তিতা। যিটোক গিলি পেলোৱা কঠিন আৰু ভক্ষণ কৰাও কষ্টদায়ক। info

• أجاب الله تعالى دعاء نوح عليه السلام بإهلاك قومه، والله نعم المقصود المجيب.
আল্লাহে নূহ আলাইহিচ্ছালামৰ সেই দুআ কবূল কৰিছিল, যি দুআত তেওঁ নিজ সম্প্ৰদায়ক ধ্বংস কৰাৰ বিষয়ে আবেদন কৰিছিল। নিশ্চয় আল্লাহ অতি উত্তম উদ্দেশ্য সফলকাৰী তথা প্ৰাৰ্থনা স্বীকাৰকাৰী। info