የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
168 : 37

لَوْ اَنَّ عِنْدَنَا ذِكْرًا مِّنَ الْاَوَّلِیْنَ ۟ۙ

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ পূৰ্বে মক্কাৰ মুশ্বৰিকসকলে দাবী কৰিছিল যে, পূৰ্বৱৰ্তী গ্ৰন্থ যেনে- তাওৰাতৰ দৰে যদি আমাৰ ওচৰত কোনো গ্ৰন্থ থাকিলহেঁতেন তেন্তে আমিও নিৰ্ভেজালভাৱে আল্লাহৰ ইবাদত কৰিলোহেঁতেন। প্ৰকৃততে সিহঁতে মিছাতে এই দাবী কৰিছিল। কিয়নো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিল, তেতিয়া সিহঁতে ইয়াক অস্বীকাৰ কৰিলে। গতিকে কিয়ামতৰ দিনা অচিৰেই সিহঁতে সেই কঠিন শাস্তিৰ সন্মুখীন হ’ব, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• سُنَّة الله نصر المرسلين وورثتهم بالحجة والغلبة، وفي الآيات بشارة عظيمة؛ لمن اتصف بأنه من جند الله، أنه غالب منصور.
প্ৰমাণ আৰু বিজয় আদিৰ দ্বাৰা ৰাছুলসকলক সহায় কৰাটো পূৰ্বৰে পৰা চলি অহা আল্লাহৰ এটা নিৰ্ধাৰিত নিয়ম। উক্ত আয়াতত সেই ব্যক্তিৰ বাবে আছে মহা সুসংবাদ, যিয়ে আল্লাহৰ সেনা হৈ কাম কৰে। তেওঁ সদায় বিজয়প্ৰাপ্ত আৰু সহায়প্ৰাপ্ত থাকিব। info

• في الآيات دليل على بيان عجز المشركين وعجز آلهتهم عن إضلال أحد، وبشارة لعباد الله المخلصين بأن الله بقدرته ينجيهم من إضلال الضالين المضلين.
উক্ত আয়াতবোৰত এই কথা প্ৰমাণিত হৈছে যে, মুশ্বৰিকসকল আৰু সিহঁতৰ উপাস্যবোৰ হৈছে বিৱশ, সিহঁতে কাকো পথভ্ৰষ্ট কৰিব নোৱাৰে। লগতে আল্লাহৰ নিষ্ঠাৱান বান্দাসকলক এই সুসংবাদ দিয়া হৈছে যে, আল্লাহে তেওঁলোকক বিভ্ৰান্তিৰ পৰা আৰু বিভ্ৰান্তকাৰীৰ বিভ্ৰান্তিৰ পৰা সুৰক্ষিত ৰাখিব। info