የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
11 : 36

اِنَّمَا تُنْذِرُ مَنِ اتَّبَعَ الذِّكْرَ وَخَشِیَ الرَّحْمٰنَ بِالْغَیْبِ ۚ— فَبَشِّرْهُ بِمَغْفِرَةٍ وَّاَجْرٍ كَرِیْمٍ ۟

আপোনাৰ সাৱধান বাণীৰ পৰা প্ৰকৃততে সেইসকল লোকেই উপকৃত হয়, যিসকলে এই কোৰআনক সত্য বুলি মানিছে আৰু ইয়াৰ শিক্ষা অনুযায়ী আমল কৰে। তথা নিৰ্জনত আল্লাহক ভয় কৰে, যেতিয়া তাক কোনেও দেখা নাপায়। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলক আপুনি সুসংবাদ দিয়ক যে, আল্লাহে সিহঁতৰ গুনাহসমূহ মচি দিব আৰু সিহঁতক ক্ষমা কৰিব। লগতে আখিৰাতত তেওঁলোকৰ প্ৰতীক্ষাত আছে মহাপ্ৰতিদান। অৰ্থাৎ তেওঁলোকে জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য লাভ কৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• العناد مانع من الهداية إلى الحق.
বিদ্বেষে মানুহৰ পৰা সত্যক স্বীকাৰ কৰাৰ শক্তি কাঢ়ি নিয়ে। info

• العمل بالقرآن وخشية الله من أسباب دخول الجنة.
কোৰআন অনুসাৰে আমল কৰা আৰু মনত আল্লাহৰ ভয় পোষণ কৰা, এইবোৰ হৈছে জান্নাতত প্ৰৱেশ কৰাৰ অন্যতম উপায়। info

• فضل الولد الصالح والصدقة الجارية وما شابههما على العبد المؤمن.
নেক সন্তান, চাদক্বাহ জাৰিয়া আৰু এনেকুৱা আন আন নেক কৰ্মবোৰ মুমিন বান্দাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। info