የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
39 : 35

هُوَ الَّذِیْ جَعَلَكُمْ خَلٰٓىِٕفَ فِی الْاَرْضِ ؕ— فَمَنْ كَفَرَ فَعَلَیْهِ كُفْرُهٗ ؕ— وَلَا یَزِیْدُ الْكٰفِرِیْنَ كُفْرُهُمْ عِنْدَ رَبِّهِمْ اِلَّا مَقْتًا ۚ— وَلَا یَزِیْدُ الْكٰفِرِیْنَ كُفْرُهُمْ اِلَّا خَسَارًا ۟

হে মানৱজাতি! তেৱেঁই তোমালোকক প্ৰজন্ম আকাৰে সৃষ্টি কৰিছে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকে কেনেকুৱা আমল কৰা। এতেকে যিয়ে আল্লাহৰ লগত কুফৰী কৰিব আৰু ৰাছুলে লৈ অহা বাৰ্তাক অগ্ৰাহ্য কৰিব, সেই কুফৰীৰ গুনাহ আৰু শাস্তি সি নিজেই ভোগ কৰিব। তাৰ কুফৰীয়ে তাৰ প্ৰতিপালকৰ একো ক্ষতি কৰিব নোৱাৰিব। কাফিৰসকলৰ কুফৰীয়ে সিহঁতৰ বাবে প্ৰতিপালকৰ ওচৰত কেৱল ক্ৰোধহে বৃদ্ধি কৰে। লগতে কাফিৰসকলৰ কুফৰীয়ে সিহঁতৰ বাবে ক্ষতিগ্ৰস্ততাহে বৃদ্ধি কৰিব। কিয়নো সিহঁতে সেই জান্নাতৰ পৰা বঞ্চিত থাকিব, যিখন আল্লাহে সিহঁতৰ বাবে প্ৰস্তুত কৰিছিল, যদি সিহঁত ঈমান আনিলেহেঁতেন! info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكفر سبب لمقت الله، وطريق للخسارة والشقاء.
কুফৰ হৈছে আল্লাহৰ ওচৰত ঘৃণাৰ কাৰণ। তথা ই মানুহক লোকচান আৰু দুৰ্ভাগ্যৰ পিনে লৈ যায়। info

• المشركون لا دليل لهم على شركهم من عقل ولا نقل.
মুশ্বৰিকসকলৰ ওচৰত সিহঁতৰ শ্বিৰ্কৰ কোনো প্ৰমাণ নাই, যুক্তিও নাই উক্তিও নাই। info

• تدمير الظالم في تدبيره عاجلًا أو آجلًا.
অন্যায়কাৰীসকলৰ ষড়যন্ত্ৰ সোনকালেই হওক অথবা পলমকৈ সিহঁতকেই ধ্বংস কৰে। info