የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
23 : 34

وَلَا تَنْفَعُ الشَّفَاعَةُ عِنْدَهٗۤ اِلَّا لِمَنْ اَذِنَ لَهٗ ؕ— حَتّٰۤی اِذَا فُزِّعَ عَنْ قُلُوْبِهِمْ قَالُوْا مَاذَا ۙ— قَالَ رَبُّكُمْ ؕ— قَالُوا الْحَقَّ ۚ— وَهُوَ الْعَلِیُّ الْكَبِیْرُ ۟

পৱিত্ৰ আল্লাহে যাক মধ্যস্থতা কৰাৰ অনুমতি প্ৰদান কৰিব তেওঁৰ বাহিৰে আন কাৰোৰেই মধ্যস্থতা ফলপ্ৰসূ নহ’ব। আনহাতে আল্লাহে তাকেই মধ্যস্থতা কৰাৰ অনুমতি প্ৰদান কৰিব, যাৰ প্ৰতি তেওঁ সন্তুষ্ট। এইটো দৰাচলতে তেওঁৰ মহানতাৰ এটা দৃশ্যহে। তেওঁৰ মহানতাৰ আন এটা দৃশ্য হৈছে এই যে, তেওঁ আকাশমণ্ডলত যেতিয়া কথা কয়, তেতিয়া ফিৰিস্তাসকলে তেওঁৰ আনুগত্যত নিজৰ পাখি পাৰি দিয়ে আৰু অৱশেষত যেতিয়া সিহঁতৰ অন্তৰৰ পৰা ভয়-ভীতি দূৰ হয় তেতিয়া সিহঁতে জিব্ৰীল আলাইহিচ্ছালামক সোধে, আপোনাৰ প্ৰতিপালকে কি ক’লে? জিব্ৰীলে কয়ঃ যি কৈছে সত্য কৈছে। তেওঁ সত্তাগতভাৱে আৰু ক্ষমতাৰ ফালেৰে অতি মহান, সকলো বস্তু তেওঁতকৈ সৰু। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التلطف بالمدعو حتى لا يلوذ بالعناد والمكابرة.
যি ব্যক্তিক ইছলামলৈ নিমন্ত্ৰণ জনোৱা হ’ব তেনে ব্যক্তিৰ সৈতে নম্ৰ ব্যৱহাৰ আৰু সদাচৰণ কৰা উচিত, যাতে সি বিদ্বেষ আৰু অহংকাৰৰ পথ অৱলম্বন নকৰে। info

• صاحب الهدى مُسْتَعْلٍ بالهدى مرتفع به، وصاحب الضلال منغمس فيه محتقر.
হিদায়তপ্ৰাপ্ত লোকসকলে হিদায়তৰ কাৰণে উচ্চ মৰ্যাদা লাভ কৰে। আনহাতে পথভ্ৰষ্ট লোকসকলে বিভ্ৰান্তিত পতিত হৈ অপমান তথা লাঞ্ছনাগ্ৰস্ত হয়। info

• شمول رسالة النبي صلى الله عليه وسلم للبشرية جمعاء، والجن كذلك.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম গোটেই মানৱজাতিৰ প্ৰতি প্ৰেৰিত ৰাছুল, আৰু এইদৰে গোটেই জ্বিন জাতিৰ বাবেও তেওঁ ৰাছুল। info