የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
15 : 34

لَقَدْ كَانَ لِسَبَاٍ فِیْ مَسْكَنِهِمْ اٰیَةٌ ۚ— جَنَّتٰنِ عَنْ یَّمِیْنٍ وَّشِمَالٍ ؕ۬— كُلُوْا مِنْ رِّزْقِ رَبِّكُمْ وَاشْكُرُوْا لَهٗ ؕ— بَلْدَةٌ طَیِّبَةٌ وَّرَبٌّ غَفُوْرٌ ۟

ছাবাৰ অধিবাসীসকলে বসবাস কৰা স্থানত, আল্লাহৰ ক্ষমতা আৰু তেওঁৰ নিয়ামতৰ প্ৰকাশ্য প্ৰতীক বিদ্যমান আছিল। যেনে- তাত দুখন বাগান আছিল। এখন আছিল সোঁফালে আৰু আনখন আছিল বাওঁফালে। আমি সিহঁতক নিৰ্দেশ দিছিলোঁ, তোমালোকে নিজ প্ৰতিপালকৰ ফালৰ পোৱা জীৱিকা ভক্ষণ কৰা, আৰু ইয়াৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰা। এইখন এখন পৱিত্ৰ নগৰ, আৰু শুনা! আল্লাহ হৈছে তোমালোকৰ প্ৰতিপালক। তেওঁ অতি ক্ষমাশীল: যিয়েই তাওবা কৰি তেওঁৰ প্ৰতি উভতি আহে, তেওঁ তাৰ সকলো গুনাহ ক্ষমা কৰি দিয়ে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الشكر يحفظ النعم، والجحود يسبب سلبها.
কৃতজ্ঞতাৰ ফলত নিয়ামত সুৰক্ষিত থাকে। আনহাতে অকৃতজ্ঞতা নিয়ামত কাঢ়ি লোৱাৰ কাৰণ হৈ পৰে। info

• الأمن من أعظم النعم التي يمتنّ الله بها على العباد.
আল্লাহে বান্দাসকলৰ প্ৰতি কৰা নিয়ামতসমূহৰ অন্যতম এটা ডাঙৰ নিয়ামত হৈছে নিৰাপত্তা তথা শান্তি। info

• الإيمان الصحيح يعصم من اتباع إغواء الشيطان بإذن الله.
সঠিক ঈমানে, আল্লাহৰ অনুমতিত চয়তানৰ অনুসৰণৰ পৰা বিৰত ৰাখে। info

• ظهور إبطال أسباب الشرك ومداخله كالزعم بأن للأصنام مُلْكًا أو مشاركة لله، أو إعانة أو شفاعة عند الله.
শ্বিৰ্ক সম্পৰ্কীয় সকলো যুক্তি খণ্ডন কৰা তথা ইয়াত প্ৰৱেশ কৰা দুৱাৰসমূহ বন্ধ কৰি দিয়া। উদাহৰণস্বৰূপে এই ধাৰণা পোষণ কৰা যে, মূৰ্ত্তিবোৰৰো ক্ষমতা আছে অথবা আল্লাহৰ লগত অংশীদাৰিত্ব আছে নাইবা সেইবোৰ হৈছে সহায়ক আৰু আল্লাহৰ ওচৰত মধ্যস্থতাকাৰী। info