የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
5 : 33

اُدْعُوْهُمْ لِاٰبَآىِٕهِمْ هُوَ اَقْسَطُ عِنْدَ اللّٰهِ ۚ— فَاِنْ لَّمْ تَعْلَمُوْۤا اٰبَآءَهُمْ فَاِخْوَانُكُمْ فِی الدِّیْنِ وَمَوَالِیْكُمْ ؕ— وَلَیْسَ عَلَیْكُمْ جُنَاحٌ فِیْمَاۤ اَخْطَاْتُمْ بِهٖ وَلٰكِنْ مَّا تَعَمَّدَتْ قُلُوْبُكُمْ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟

তোমালোকে তোমালোকৰ তুলনীয়া পুত্ৰবোৰক সিহঁতৰ প্ৰকৃত পিতৃৰ সৈতে সংযোগ কৰি আহ্বান কৰা। কাৰণ সিহঁতক সিহঁতৰ প্ৰকৃত পিতাৰ পৰিচয় দিয়াটোৱে হৈছে আল্লাহৰ দৃষ্টিত ন্যায়সংগত। কিন্তু যদি তোমালোকে সিহঁতৰ প্ৰকৃত পিতাৰ বিষয়ে নাজানা তেন্তে জানি থোৱা যে, সিহঁত হৈছে তোমালোকৰ ধৰ্মীয় ভাই, তথা তোমালোকৰ দাসত্বৰ পৰা স্বাধীন হোৱা ব্যক্তি। গতিকে তোমালোকে সিহঁতক “হে মোৰ ভাই” অথবা “হে মোৰ ভতিজা” আদি বুলি মাতিবা। আনহাতে কোনোবাই যদি ভুলতে সিহঁতক লালন পালন কৰা ব্যক্তিৰ লগত সম্পৃক্ত কৰি মাতে তেন্তে কোনো গুনাহ নহ’ব। কিন্তু যদি কোনোবাই জানি বুজি এনেকৈ মাতে তেন্তে গুনাহগাৰ হ’ব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে। লগতে তেওঁলোকৰ প্ৰতি দয়া কৰে, সেইকাৰণেই তেওঁলোকৰ অজানিতে হোৱা ভুল-ত্ৰুটিক এৰা-ধৰা কৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لا أحد أكبر من أن يُؤْمر بالمعروف ويُنْهى عن المنكر.
সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা বিৰত ৰখা দায়িত্বত নিয়োজিত ব্যক্তিতকৈ দায়িত্বশীল ব্যক্তি আন কোনো নাই। info

• رفع المؤاخذة بالخطأ عن هذه الأمة.
অজানিতে হোৱা ত্ৰুটিক এই উম্মতৰ লোকসকলৰ পৰা ক্ষমা কৰি দিয়া হৈছে। info

• وجوب تقديم مراد النبي صلى الله عليه وسلم على مراد الأنفس.
মানুহৰ চাহিদাৰ ওপৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহিদাক অগ্ৰাধিকাৰ দিয়াটো অনিবাৰ্য। info

• بيان علو مكانة أزواج النبي صلى الله عليه وسلم، وحرمة نكاحهنَّ من بعده؛ لأنهن أمهات للمؤمنين.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলৰ উচ্চ মৰ্যাদাৰ বৰ্ণনা, লগতে এই কথাৰ স্পষ্টীকৰণ যে, তেখেতৰ মৃত্যুৰ পিছত তেওঁলোকক বিবাহ কৰা হাৰাম। কাৰণ তেওঁলোক হৈছে মুমিনসকলৰ মাতৃ। info