የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
13 : 33

وَاِذْ قَالَتْ طَّآىِٕفَةٌ مِّنْهُمْ یٰۤاَهْلَ یَثْرِبَ لَا مُقَامَ لَكُمْ فَارْجِعُوْا ۚ— وَیَسْتَاْذِنُ فَرِیْقٌ مِّنْهُمُ النَّبِیَّ یَقُوْلُوْنَ اِنَّ بُیُوْتَنَا عَوْرَةٌ ۛؕ— وَمَا هِیَ بِعَوْرَةٍ ۛۚ— اِنْ یُّرِیْدُوْنَ اِلَّا فِرَارًا ۟

হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া মুনাফিকসকলৰ এটা দলে মদীনাবাসীক উদ্দেশ্যি কৈছিলঃ হে ইয়াছৰীবৰ অধিবাসীসকল (ইছলামৰ পূৰ্বে মদীনাৰ বাবে এইটো নাম প্ৰসিদ্ধ আছিল)! খন্দকৰ ওচৰত ছালাআ পৰ্বতৰ তলদেশত তোমালোকৰ কোনো স্থান নাই, গতিকে তোমালোকে নিজ নিজ ঘৰলৈ উভতি যোৱা। সিহঁতৰ মাজৰ এটা দলে ঘৰলৈ উভতি যোৱাৰ অনুমতি বিচাৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰিছিল। সিহঁতে দাবী কৰিছিল যে, সিহঁতৰ ঘৰ শত্ৰুসকলৰ বাবে উন্মুক্ত হৈ আছে। যদিও পৰিস্থিতি তেনেকুৱা নাছিল, যিদৰে সিহঁতে দাবী কৰিছে। দৰাচলতে সিহঁতে মিছা অজুহাত দেখুৱাই শত্ৰুৰ পৰা পলায়ন কৰিব বিচাৰিছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• منزلة أولي العزم من الرسل.
দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলৰ মৰ্যাদা অতি উচ্চ। info

• تأييد الله لعباده المؤمنين عند نزول الشدائد.
কঠিন পৰিস্থিতিত আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে। info

• خذلان المنافقين للمؤمنين في المحن.
বিপদৰ সময়ত মুনাফিকসকলে মুমিনসকলৰ সঙ্গ ত্যাগ কৰে। info