የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

আল-আহযাব

ከመዕራፉ ዓላማዎች:
بيان عناية الله بنبيه صلى الله عليه وسلم، وحماية جنابه وأهل بيته.
এই কথাৰ বৰ্ণনা যে, আল্লাহ তাআলাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিশেষ যত্ন লৈছিল, তেখেতক আৰু তেখেতৰ পৰিয়ালকো সুৰক্ষা প্ৰদান কৰিছিল। info

external-link copy
1 : 33

یٰۤاَیُّهَا النَّبِیُّ اتَّقِ اللّٰهَ وَلَا تُطِعِ الْكٰفِرِیْنَ وَالْمُنٰفِقِیْنَ ؕ— اِنَّ اللّٰهَ كَانَ عَلِیْمًا حَكِیْمًا ۟ۙ

হে নবী! আপুনি আৰু আপোনাৰ লগত থকা মুমিনসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱাৰ ওপৰত প্ৰতিষ্ঠিত থাকক। একমাত্ৰ তেওঁকেই ভয় কৰক। কেতিয়াও কাফিৰ আৰু মুনাফিকসকলৰ চাহিদাৰ অনুসৰণ নকৰিব। নিশ্চয় কাফিৰ আৰু মুনাফিকসকলৰ চক্ৰান্ত সম্পৰ্কে আল্লাহ তাআলা সৰ্বজ্ঞ। সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত তেওঁ মহাপ্ৰজ্ঞাৱান। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لا أحد أكبر من أن يُؤْمر بالمعروف ويُنْهى عن المنكر.
সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা বিৰত ৰখা দায়িত্বত নিয়োজিত ব্যক্তিতকৈ দায়িত্বশীল ব্যক্তি আন কোনো নাই। info

• رفع المؤاخذة بالخطأ عن هذه الأمة.
অজানিতে হোৱা ত্ৰুটিক এই উম্মতৰ লোকসকলৰ পৰা ক্ষমা কৰি দিয়া হৈছে। info

• وجوب تقديم مراد النبي صلى الله عليه وسلم على مراد الأنفس.
মানুহৰ চাহিদাৰ ওপৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহিদাক অগ্ৰাধিকাৰ দিয়াটো অনিবাৰ্য। info

• بيان علو مكانة أزواج النبي صلى الله عليه وسلم، وحرمة نكاحهنَّ من بعده؛ لأنهن أمهات للمؤمنين.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলৰ উচ্চ মৰ্যাদাৰ বৰ্ণনা, লগতে এই কথাৰ স্পষ্টীকৰণ যে, তেখেতৰ মৃত্যুৰ পিছত তেওঁলোকক বিবাহ কৰা হাৰাম। কাৰণ তেওঁলোক হৈছে মুমিনসকলৰ মাতৃ। info