የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
9 : 32

ثُمَّ سَوّٰىهُ وَنَفَخَ فِیْهِ مِنْ رُّوْحِهٖ وَجَعَلَ لَكُمُ السَّمْعَ وَالْاَبْصَارَ وَالْاَفْـِٕدَةَ ؕ— قَلِیْلًا مَّا تَشْكُرُوْنَ ۟

তাৰ পিছত পৰিপূৰ্ণৰূপে সুঠাম মানৱত পৰিণত কৰিছে। আৰু ইয়াৰ পিছত ৰূহ ফুঁৱাই দিয়া ফিৰিস্তাক আদেশ কৰি তাৰ ভিতৰত ৰূহ ফুঁৱাই দিছে। হে মানৱজাতি! তেৱেঁই তোমালোকক কাণ দান কৰিছে, যাতে তোমালোকে শুনিব পাৰা; আৰু চকু প্ৰদান কৰিছে, যাতে তোমালোকে দেখিব পাৰা; অন্তৰ প্ৰদান কৰিছে, যাতে তোমালোকে বুজিব পাৰা। আল্লাহে তোমালোকক যিবোৰ নিয়ামত প্ৰদান কৰিছে, তাৰ বাবে তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الحكمة من بعثة الرسل أن يهدوا أقوامهم إلى الصراط المستقيم.
নবীসকলক প্ৰেৰণ কৰাৰ উদ্দেশ্য হৈছে, মানুহক সঠিক পথত পৰিচালিত কৰা। info

• ثبوت صفة الاستواء لله من غير تشبيه ولا تمثيل.
কোনো ধৰণৰ উদাহৰণ আৰু কোনো সাদৃশ্যতা নোহোৱাকৈ আল্লাহৰ বাবে ইস্তিৱা বৈশিষ্ট্য সাব্যস্ত কৰাৰ প্ৰমাণ। info

• استبعاد المشركين للبعث مع وضوح الأدلة عليه.
স্পষ্ট প্ৰমাণ প্ৰত্যক্ষ কৰাৰ পিছতো মুশ্বৰিকসকলে আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰে। info