የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
7 : 31

وَاِذَا تُتْلٰی عَلَیْهِ اٰیٰتُنَا وَلّٰی مُسْتَكْبِرًا كَاَنْ لَّمْ یَسْمَعْهَا كَاَنَّ فِیْۤ اُذُنَیْهِ وَقْرًا ۚ— فَبَشِّرْهُ بِعَذَابٍ اَلِیْمٍ ۟

যেতিয়া তাৰ সন্মুখত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সি সেইবোৰ মনোযোগ সহকাৰে শুনাৰ বিপৰীতে এনেকৈ অহংকাৰ কৰি উভতি যায় যেনিবা সি একো শুনাই নাই। যেনিবা সি এজন বধিৰ, শ্ৰৱণশক্তি নাইকীয়া হৈছে। হে ৰাছুল! আপুনি এনেকুৱা লোকক কষ্টদায়ক শাস্তিৰ সংবাদ দিয়ক, যি শাস্তি তাৰ বাবে অপেক্ষা কৰি আছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• طاعة الله تقود إلى الفلاح في الدنيا والآخرة.
আল্লাহৰ আনুগত্যই পৃথিৱী আৰু আখিৰাতৰ সফলতাৰ পিনে আগুৱাই লৈ যায়। info

• تحريم كل ما يصد عن الصراط المستقيم من قول أو فعل.
প্ৰত্যেক সেই কথা আৰু কৰ্ম হাৰাম, যিবোৰ কথা-কৰ্মই সত্যৰ পথ অৱলম্বনত বাধা প্ৰদান কৰে। info

• التكبر مانع من اتباع الحق.
অহংকাৰে সত্যৰ অনুসৰণ কৰিবলৈ বাধা প্ৰদান কৰে। info

• انفراد الله بالخلق، وتحدي الكفار أن تخلق آلهتهم شيئًا.
আল্লাহে অকলেই সকলো সৃষ্টিকে সৃষ্টি কৰিছে। সেয়ে কাফিৰসকলক প্ৰত্যাহ্বান জনোৱা হৈছে যে, সিহঁতৰ উপাস্যবোৰেও কিবা সৃষ্টি কৰি দেখাওকচোন। info