የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
34 : 31

اِنَّ اللّٰهَ عِنْدَهٗ عِلْمُ السَّاعَةِ ۚ— وَیُنَزِّلُ الْغَیْثَ ۚ— وَیَعْلَمُ مَا فِی الْاَرْحَامِ ؕ— وَمَا تَدْرِیْ نَفْسٌ مَّاذَا تَكْسِبُ غَدًا ؕ— وَمَا تَدْرِیْ نَفْسٌ بِاَیِّ اَرْضٍ تَمُوْتُ ؕ— اِنَّ اللّٰهَ عَلِیْمٌ خَبِیْرٌ ۟۠

নিশ্চিতভাৱে কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই আছে। একমাত্ৰ তেৱেঁই জানে কিয়ামত কেতিয়া সংঘটিত হ’ব। তেৱেঁই নিজ ইচ্ছা মতে বৰষুণ অৱতীৰ্ণ কৰে। গৰ্ভত কি আছে সেই সম্পৰ্কে তেৱেঁই জানে, পুত্ৰ সন্তান নে কন্যা সন্তান?! সৌভাগ্যশালী নে দুৰ্ভগীয়া?! কোনেও এই কথা নাজানে যে, সি অহাকালি কি অৰ্জন কৰিব, কল্যাণ নে অকল্যাণ। এই কথাও কোনোৱেই নাজানে যে সি কোন ঠাইত মৃত্যুবৰণ কৰিব। এই সকলোবোৰ তথ্য আছে একমাত্ৰ আল্লাহৰ ওচৰত। নিশ্চয় আল্লাহ এই সকলো বিষয়ে সৰ্বজ্ঞ তথা অৱগত। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• نقص الليل والنهار وزيادتهما وتسخير الشمس والقمر: آيات دالة على قدرة الله سبحانه، ونعمٌ تستحق الشكر.
দিন-ৰাতিৰ হ্ৰাস আৰু বৃদ্ধি, চন্দ্ৰ সূৰ্য্যৰ নিয়ন্ত্ৰণ আদি, এইবোৰ কিছুমান এনেকুৱা নিদৰ্শন যিবোৰে আল্লাহৰ ক্ষমতাৰ প্ৰমাণ বহন কৰে। তথা এইবোৰ এনেকুৱা নিয়ামত, যাৰ ফলত কৃতজ্ঞতা জ্ঞাপন কৰা অত্যন্ত জৰুৰী। info

• الصبر والشكر وسيلتان للاعتبار بآيات الله.
ধৈৰ্য্য আৰু কৃতজ্ঞতা, এই দুটা হৈছে আল্লাহৰ নিদৰ্শনৰ পৰা উপদেশ গ্ৰহণ কৰাৰ অন্যতম উপায়। info

• الخوف من القيامة يقي من الاغترار بالدنيا، ومن الخضوع لوساوس الشياطين.
কিয়ামতৰ ভয়-ভীতিয়ে মানুহক পাৰ্থিৱ সম্পদৰ প্ৰৱঞ্চনাৰ পৰা আৰু চয়তানৰ কুমন্ত্ৰণাত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰে। info

• إحاطة علم الله بالغيب كله.
গায়েব সম্পৰ্কীয় সকলো তথ্য আল্লাহৰ জ্ঞানে পৰিবেষ্টন কৰি আছে। info