የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
17 : 31

یٰبُنَیَّ اَقِمِ الصَّلٰوةَ وَاْمُرْ بِالْمَعْرُوْفِ وَانْهَ عَنِ الْمُنْكَرِ وَاصْبِرْ عَلٰی مَاۤ اَصَابَكَ ؕ— اِنَّ ذٰلِكَ مِنْ عَزْمِ الْاُمُوْرِ ۟ۚ

হে মোৰ পুত্ৰ! পৰিপূৰ্ণ নিয়ম-নীতিৰ সৈতে চালাত আদায় কৰিবা তথা ইয়াক প্ৰতিষ্ঠা কৰিবা। লগতে সৎকৰ্মৰ আদেশ দিবা আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিবা। তথা এই পথত যিমানবোৰ কষ্টৰ সন্মুখীন হ’বা, সেই সকলো পৰিস্থিতিতেই ধৈৰ্য্য ধাৰণ কৰিবা। ইয়াত তোমাক যিবোৰ বিষয়ৰ আদেশ দিয়া হৈছে, দৰাচলতে আল্লাহেই এইবোৰ নিৰ্ধাৰণ কৰিছে, সেই সকলোবোৰ কৰা তোমাৰ বাবে অনিবাৰ্য। ইয়াত তোমাৰ বাবে কোনো বিকল্প নাই। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لما فصَّل سبحانه ما يصيب الأم من جهد الحمل والوضع دلّ على مزيد برّها.
আল্লাহে যিহেতু সেইবোৰ কষ্টৰ কথা উল্লেখ কৰিছে, যিবোৰ মাকে গৰ্ভ অৱস্থাত আৰু প্ৰসৱৰ সময়ত সহ্য কৰে, গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, তেওঁৰ লগত আৰু অধিক সদ্ব্যৱহাৰ কৰা উচিত। info

• نفع الطاعة وضرر المعصية عائد على العبد.
সৎকৰ্মৰ লাভ আৰু অসৎকৰ্মৰ ক্ষতি বান্দা নিজেই ভোগ কৰিব লাগিব। info

• وجوب تعاهد الأبناء بالتربية والتعليم.
সন্তানসকলৰ লালন-পালন আৰু সুশিক্ষাৰ ক্ষেত্ৰত বিশেষ মনোযোগ প্ৰদান কৰা অনিবাৰ্য। info

• شمول الآداب في الإسلام للسلوك الفردي والجماعي.
ব্যক্তিগত আৰু সামাজিক শিষ্টাচাৰৰ সকলো নিয়ম-নীতি ইছলামত অন্তৰ্ভুক্ত আছে। info