የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
42 : 30

قُلْ سِیْرُوْا فِی الْاَرْضِ فَانْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الَّذِیْنَ مِنْ قَبْلُ ؕ— كَانَ اَكْثَرُهُمْ مُّشْرِكِیْنَ ۟

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, তোমালোকে পৃথিৱীত ঘূৰি পকি চোৱা, তোমালোকৰ পূৰ্বে যিসকলে অস্বীকাৰ কৰিছিল সিহঁতৰ কেনেকুৱা পৰিণাম হৈছিল? নিশ্চয় সিহঁতৰ পৰিণাম অতি বেয়া আছিল। সিহঁতৰ মাজৰ অধিকাংশ লোকেই আল্লাহৰ লগত শ্বিৰ্ক কৰিছিল। তেওঁৰ সৈতে অন্যান্য উপাস্যৰো উপাসনা কৰিছিল। গতিকে আল্লাহৰ লগত এই শ্বিৰ্ক কৰাৰ কাৰণেই সিহঁতক ধ্বংস কৰা হৈছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إرسال الرياح، وإنزال المطر، وجريان السفن في البحر: نِعَم تستدعي أن نشكر الله عليها.
বতাহ প্ৰেৰণ কৰা, বৰষুণ অৱতীৰ্ণ কৰা আৰু সাগৰত নৌ-যান চলাচলৰ সুবিধা প্ৰদান কৰা আদি এনেকুৱা নিয়ামত, যিবোৰে আমাৰ পৰা দাবী কৰে যে আমি যেন আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰোঁ। info

• إهلاك المجرمين ونصر المؤمنين سُنَّة إلهية.
অপৰাধীসকলক ধ্বংস কৰা আৰু মুমিনসকলক সহায় কৰাটো আল্লাহৰ নীতি। info

• إنبات الأرض بعد جفافها دليل على البعث.
মৃত ভূমিক জীৱিত কৰি তাত উদ্ভিদ উৎপন্ন কৰাটো হৈছে, আখিৰাতৰ বাবে পুনৰ্জীৱিত কৰাৰ অন্যতম প্ৰমাণ। info