የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
32 : 30

مِنَ الَّذِیْنَ فَرَّقُوْا دِیْنَهُمْ وَكَانُوْا شِیَعًا ؕ— كُلُّ حِزْبٍ بِمَا لَدَیْهِمْ فَرِحُوْنَ ۟

তথা সেইসকল মুশ্বৰিকৰ অন্তৰ্ভুক্ত নহ’বা, যিসকলে নিজৰ ধৰ্মক বিকৃত কৰিছে। তাৰে কিছুমান বিধানক সিহঁতে মানি লৈছে আৰু কিছুমানক নাকচ কৰিছে, এইদৰে সিহঁতে বিভিন্ন গোটত বিভক্ত হৈছে। প্ৰত্যেক গোটৰ ব্যক্তিবৰ্গই সিহঁতৰ ওচৰত থকা অসত্যক লৈ আনন্দিত। সিহঁতে ধাৰণা কৰে যে, সত্যৰ ওপৰত কেৱল সিহঁতেই আছে। আৰু সিহঁতৰ বাহিৰে সকলোৱে অসত্যৰ পথত পৰিচালিত। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خضوع جميع الخلق لله سبحانه قهرًا واختيارًا.
ইচ্ছাকৃতভাৱেই হওক অথবা অনিচ্ছাকৃতভাৱে, সকলো সৃষ্টিয়েই আল্লাহৰ সন্মুখত শিৰ নত কৰিবলৈ বাধ্য। info

• دلالة النشأة الأولى على البعث واضحة المعالم.
প্ৰথমবাৰৰ সৃষ্টি কাৰ্যই আখিৰাতৰ জীৱনৰ স্পষ্ট প্ৰমাণবহন কৰে। info

• اتباع الهوى يضل ويطغي.
প্ৰবৃত্তিৰ অনুসৰণৰ ফলত মানুহ পথভ্ৰষ্ট আৰু দূৰাচাৰীত পৰিণত হয়। info

• دين الإسلام دين الفطرة السليمة.
ইছলাম ধৰ্মই হৈছে সঠিক স্বভাৱগত ধৰ্ম। info