የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
27 : 30

وَهُوَ الَّذِیْ یَبْدَؤُا الْخَلْقَ ثُمَّ یُعِیْدُهٗ وَهُوَ اَهْوَنُ عَلَیْهِ ؕ— وَلَهُ الْمَثَلُ الْاَعْلٰى فِی السَّمٰوٰتِ وَالْاَرْضِ ۚ— وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟۠

তেৱেঁই পৱিত্ৰ আল্লাহ, যিজনে পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈয়ে সৃষ্টিৰ শুভাৰম্ভণি কৰিছে। ধ্বংসৰ পিছত তেৱেঁই এইবোৰক পুনৰ সৃষ্টি কৰিব। প্ৰথমবাৰৰ সৃষ্টিৰ তুলনাত পুনৰ সৃষ্টি কৰাটো অতি সহজ। যদিও দুয়োটাই তেওঁৰ বাবে সহজ। কাৰণ তেওঁ যেতিয়া কোনো বস্তুক সৃষ্টি কৰিব বিচাৰে, তেতিয়া কেৱল কয় ‘হ’ তৎক্ষণাত সেইটো হৈ যায়। আল্লাহক যিবোৰ গুণেৰে বিশেষিত কৰা হয় যেনেঃ প্ৰতাপ আৰু পৰিপূৰ্ণ ও পূৰ্ণাংগ গুণ, সেইসকলো গুণবোৰত তেওঁ সৰ্বোচ্চ। তেওঁ প্ৰবলপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত তেওঁ মহা প্ৰজ্ঞাৱান। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خضوع جميع الخلق لله سبحانه قهرًا واختيارًا.
ইচ্ছাকৃতভাৱেই হওক অথবা অনিচ্ছাকৃতভাৱে, সকলো সৃষ্টিয়েই আল্লাহৰ সন্মুখত শিৰ নত কৰিবলৈ বাধ্য। info

• دلالة النشأة الأولى على البعث واضحة المعالم.
প্ৰথমবাৰৰ সৃষ্টি কাৰ্যই আখিৰাতৰ জীৱনৰ স্পষ্ট প্ৰমাণবহন কৰে। info

• اتباع الهوى يضل ويطغي.
প্ৰবৃত্তিৰ অনুসৰণৰ ফলত মানুহ পথভ্ৰষ্ট আৰু দূৰাচাৰীত পৰিণত হয়। info

• دين الإسلام دين الفطرة السليمة.
ইছলাম ধৰ্মই হৈছে সঠিক স্বভাৱগত ধৰ্ম। info