የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
173 : 3

اَلَّذِیْنَ قَالَ لَهُمُ النَّاسُ اِنَّ النَّاسَ قَدْ جَمَعُوْا لَكُمْ فَاخْشَوْهُمْ فَزَادَهُمْ اِیْمَانًا ۖۗ— وَّقَالُوْا حَسْبُنَا اللّٰهُ وَنِعْمَ الْوَكِیْلُ ۟

এওঁলোককেই কিছুমান মুশ্বৰিকে কৈছিলঃ কুৰাইছসকলে আবু ছুফিয়ানৰ নেতৃত্বত তোমালোকৰ লগত যুদ্ধ কৰিবলৈ আৰু তোমালোকক নিঃশেষ কৰিবলৈ এটা বৃহত সৈন্যবাহিনী প্ৰস্তুত কৰিছে। গতিকে সিহঁতক ভয় কৰা আৰু সিহঁতৰ মুখামুখী হবলৈ বিৰত থাকা। কিন্তু সিহঁতৰ এই কথা আৰু ভয় দেখুৱাৰ ফলত আল্লাহৰ প্ৰতি তেওঁলোকৰ ভৰসা আৰু তেওঁৰ প্ৰতিশ্ৰুতিৰ প্ৰতি বিশ্বাস আৰু অধিক বৃদ্ধি পালে। তেওঁলোকে এই কথা কৈ মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰিবলৈ ওলাই পৰিল যে, আমাৰ বাবে আল্লাহেই যথেষ্ট। তেওঁ অতি উত্কৃষ্ট যাক আমি আমাৰ সকলো বিষয় অৰ্পন কৰো। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من سنن الله تعالى أن يبتلي عباده؛ ليتميز المؤمن الحق من المنافق، وليعلم الصادق من الكاذب.
আল্লাহৰ সাধাৰণ নিয়ম এই যে, তেওঁ বান্দাসকলক পৰীক্ষা কৰে, যাতে সত্যবাদী মুমিনসকল, মুনাফিকৰ পৰা পৃথক হয়। লগতে যাতে সত্যবাদী আৰু মিছলীয়া চিহ্নিত হয়। info

• عظم منزلة الجهاد والشهادة في سبيل الله وثواب أهله عند الله تعالى حيث ينزلهم الله تعالى بأعلى المنازل.
আল্লাহৰ পথত যুদ্ধ কৰা তথা শ্বহীদ হোৱাৰ উচ্চ মৰ্যদা, লগতে আল্লাহৰ ওচৰত শ্বহীদসকলৰ মৰ্যদা এই যে, আল্লাহে তেওঁলোকক উচ্চতকৈ উচ্চ স্থান প্ৰদান কৰিব। info

• فضل الصحابة وبيان علو منزلتهم في الدنيا والآخرة؛ لما بذلوه من أنفسهم وأموالهم في سبيل الله تعالى.
ছাহাবাসকলৰ শ্ৰেষ্ঠতা, পৃথিৱী আৰু আখিৰাতত তেওঁলোকৰ উচ্চ মৰ্যদাৰ বৰ্ণনা। কিয়নো তেওঁলোকে আল্লাহৰ পথত নিজৰ প্ৰাণ আৰু সা-সম্পত্তি সকলো ব্যয় কৰিছিল। info