የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
118 : 3

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَتَّخِذُوْا بِطَانَةً مِّنْ دُوْنِكُمْ لَا یَاْلُوْنَكُمْ خَبَالًا ؕ— وَدُّوْا مَا عَنِتُّمْ ۚ— قَدْ بَدَتِ الْبَغْضَآءُ مِنْ اَفْوَاهِهِمْ ۖۚ— وَمَا تُخْفِیْ صُدُوْرُهُمْ اَكْبَرُ ؕ— قَدْ بَیَّنَّا لَكُمُ الْاٰیٰتِ اِنْ كُنْتُمْ تَعْقِلُوْنَ ۟

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! তোমালোকে মুমিনসকলৰ বাহিৰে আন কাকো নিজৰ অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ নকৰিবা, যাক তোমালোকে নিজৰ ভিতৰোৱা কথা আৰু বিশেষ পৰিস্থিতি সম্পৰ্কে অৱগত কৰা। কিয়নো সিহঁতে তোমালোকৰ পৰিস্থিতি বিনষ্ট কৰাত আৰু ক্ষতি সাধন কৰাত অলপো পলম নকৰিব। সিহঁতৰ কামনা হৈছে তোমালোকে কষ্টত পতিত হোৱা। তোমালোকৰ ধৰ্মৰ ওপৰত দোষাৰোপ কৰি, তোমালোকৰ মাজত বিচ্ছিন্নতা সৃষ্টি কৰি আৰু তোমালোকৰ ভিতৰোৱা কথাসমূহ প্ৰকাশ কৰি, সিহঁতে নিজ মুখেৰে শত্ৰুতা আৰু বিদ্বেষ প্ৰকাশ কৰিছে। আৰু যি ঘৃণা সিহঁতে নিজৰ অন্তৰত গোপন ৰাখিছে, সেয়া ইয়াতকৈয়ো অধিক ডাঙৰ। হে মুমিনসকল! আমি তোমালোকৰ সন্মুখত স্পষ্ট প্ৰমাণসমূহ বৰ্ণনা কৰিছো, যাৰ মাজত আছে তোমালোকৰ বাবে পৃথিৱী আৰু আখিৰাতৰ কল্যাণ। যদিহে তোমালোকে নিজ প্ৰতিপালকৰ আয়াতসমূহ বুজা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• نَهْي المؤمنين عن موالاة الكافرين وجَعْلهم أَخِلّاء وأصفياء يُفْضَى إليهم بأحوال المؤمنين وأسرارهم.
মুমিনসকলক কাফিৰসকলৰ লগত বন্ধুত্ব কৰিবলৈ নিষেধ কৰা হৈছে লগতে সিহঁতক অন্তৰঙ্গ বন্ধু বনাই মুছলিমসকলৰ পৰিস্থিতি আৰু ভিতৰোৱা কথাবোৰ অৱগত কৰিবলৈ নিষেধ কৰা হৈছে। info

• من صور عداوة الكافرين للمؤمنين فرحهم بما يصيب المؤمنين من بلاء ونقص، وغيظهم إن أصابهم خير.
মুমিনসকলৰ লগত কাফিৰসকলৰ শত্ৰুতাৰ এটা উদাহৰণ এই যে, সিহঁতে মুমিনসকলৰ বিপদৰ সময়ত তথা জান-মালৰ ক্ষতি সাধনত উত্ফুল্লিত হয়। আনহাতে মুমিনসকলৰ কল্যাণত ক্ৰোধান্বিত হয়। info

• الوقاية من كيد الكفار ومكرهم تكون بالصبر وعدم إظهار الخوف، ثم تقوى الله والأخذ بأسباب القوة والنصر.
কাফিৰসকলৰ ষড়যন্ত্ৰ আৰু চক্ৰান্তৰ পৰা ৰক্ষা পোৱাৰ উপায় হৈছে, ধৈৰ্য ধাৰণ কৰা আৰু ভয় প্ৰকাশ নকৰা লগতে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু শক্তি ও সহায়ৰ সকলো উপায় মজবুতভাৱে ধাৰণ কৰা। info