የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
32 : 29

قَالَ اِنَّ فِیْهَا لُوْطًا ؕ— قَالُوْا نَحْنُ اَعْلَمُ بِمَنْ فِیْهَا ؗ— لَنُنَجِّیَنَّهٗ وَاَهْلَهٗۤ اِلَّا امْرَاَتَهٗ ؗ— كَانَتْ مِنَ الْغٰبِرِیْنَ ۟

ইব্ৰাহীম আলাইহিচ্ছালামে ফিৰিস্তাসকলক ক’লেঃ “আপোনালোকে যিখন জনবসতিক ধ্বংস কৰিবলৈ ওলাইছে, তাত দেখোন স্বয়ং লূত আলাইহিচ্ছালামও আছে, তেওঁতো অন্যায়কাৰী নহয়”। ফিৰিস্তাসকলে ক’লেঃ “তাত থকা লোকসকলক আমি ভালদৰে জানো। সেই জনবসিতৰ ওপৰত অৱতীৰ্ণ হ’বলগীয়া শাস্তিৰ পৰা আমি নিশ্চিতভাৱে তেওঁক আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰিম, কিন্তু তেওঁৰ স্ত্ৰীৰ বাহিৰে। কাৰণ তাই ধ্বংস হ’বলগীয়া লোকসকলৰ লগত অৱস্থান কৰিব, শীঘ্ৰেই আমি তাইক সিহঁতৰ সৈতে ধ্বংস কৰিম”। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• قوله تعالى:﴿ وَقَد تَّبَيَّنَ..﴾ تدل على معرفة العرب بمساكنهم وأخبارهم.
আল্লাহ তাআলাৰ এই বাণী (وَقَد تَّبَيَّنَ)ৰ দ্বাৰা প্ৰমাণিত হয় যে, আৰবীয়ানসকলে সিহঁতৰ ধ্বংসাৱশেষ ঘৰ-দুৱাৰ আৰু জনবসতিহীন অঞ্চল সম্পৰ্কে অৱগত আছিল। info

• العلائق البشرية لا تنفع إلا مع الإيمان.
ঈমান অবিহনে আত্মীয়তাৰ সম্পৰ্কই কোনো উপকাৰ সাধন কৰিব নোৱাৰে। info

• الحرص على أمن الضيوف وسلامتهم من الاعتداء عليهم.
অতিথিসকলৰ নিৰাপত্তা আৰু তেওঁলোকৰ শত্ৰুৰ পৰা তেওঁলোকক সুৰক্ষা প্ৰদান কৰাৰ আগ্ৰহ থকা বাঞ্চনীয়। info

• منازل المُهْلَكين بالعذاب عبرة للمعتبرين.
শাস্তিৰ দ্বাৰা ধ্বংসস্তূপত পৰিণত হোৱা গৃহবোৰ, উপদেশ গ্ৰহণ কৰা লোকসকলৰ বাবে এটা উপদেশ। info

• العلم بالحق لا ينفع مع اتباع الهوى وإيثاره على الهدى.
সত্যৰ জ্ঞান অৰ্জন কৰাৰ পিছতো প্ৰবৃত্তিৰ অনুসৰণক হিদায়তৰ ওপৰত প্ৰাধান্য দিলে, সেই জ্ঞানে একো উপকাৰ সাধন নকৰে। info