የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
22 : 29

وَمَاۤ اَنْتُمْ بِمُعْجِزِیْنَ فِی الْاَرْضِ وَلَا فِی السَّمَآءِ ؗ— وَمَا لَكُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟۠

পৃথিৱীতেই হওক অথবা আকাশত তোমালোকে নিজ প্ৰতিপালকৰ পৰা কেতিয়াও ৰক্ষা পাব নোৱাৰা, আৰু তেওঁৰ শাস্তিৰ পৰাও পলায়ন কৰিব নোৱাৰিবা। আনকি আল্লাহৰ বাহিৰে তোমালোকৰ কোনো অভিভাৱকো নাই, যিয়ে তোমালোকৰ বিষয়বোৰ চোৱাচিতা কৰিব। আল্লাহৰ বাহিৰে তোমালোকৰ কোনো সহায়কো নাই, যিয়ে তোমালোকক শাস্তিৰ পৰা ৰক্ষা কৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الأصنام لا تملك رزقًا، فلا تستحق العبادة.
মূৰ্ত্তিবোৰ যিহেতু জীৱিকাৰ মালিক নহয়, গতিকে সেইবোৰ কেতিয়াও ইবাদতৰ যোগ্য হ'ব নোৱাৰে। info

• طلب الرزق إنما يكون من الله الذي يملك الرزق.
একমাত্ৰ আল্লাহৰ ওচৰতেই জীৱিকা প্ৰাৰ্থনা কৰা উচিত, তেৱেঁই জীৱিকা প্ৰদানত সামৰ্থৱান। info

• بدء الخلق دليل على البعث.
প্ৰথমবাৰ সৃষ্টি কৰাটোৱে হৈছে পুনৰুত্থানৰ অকাট্য প্ৰমাণ। info

• دخول الجنة محرم على من مات على كفره.
কুফৰীৰ অৱস্থাত যি ব্যক্তিয়ে মৃত্যুবৰণ কৰিব, তাৰ ওপৰত জান্নাত হাৰাম। info