የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
8 : 28

فَالْتَقَطَهٗۤ اٰلُ فِرْعَوْنَ لِیَكُوْنَ لَهُمْ عَدُوًّا وَّحَزَنًا ؕ— اِنَّ فِرْعَوْنَ وَهَامٰنَ وَجُنُوْدَهُمَا كَانُوْا خٰطِـِٕیْنَ ۟

যেতিয়া তেওঁ আমাৰ আদেশ পালন কৰি মুছাক বাকচত ভৰাই নদীত উটুৱাই দিলে, তেতিয়া ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে বাকচটো দেখা পাই উঠাই ল’লে। যাতে আল্লাহৰ পৰিকল্পনা বাস্তৱত পৰিণত হয় যে, তেওঁ অচিৰেই মুছাক ফিৰআউনৰ শত্ৰুত পৰিণত হ’ব, আৰু তেওঁৰ জৰিয়তেই ফিৰআউনৰ ৰাজত্বৰ অৱসান ঘটিব। ফলত এইটো সিহঁতৰ চিন্তাৰ কাৰণ হৈ পৰিব। নিশ্চয় ফিৰআউন আৰু তাৰ মন্ত্ৰী হামান, লগতে সিহঁত দুজনৰ সহায়কসকল আছিল অতি পাপিষ্ঠ, কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু অবাধ্যতাত লিপ্ত আছিল। তথা অন্যায়-অত্যাচাৰৰ জৰিয়তে সিহঁতে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تدبير الله لعباده الصالحين بما يسلمهم من مكر أعدائهم.
আল্লাহে তেওঁৰ মুমিন বান্দাসকলক শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিবলৈ কৌশল অৱলম্বন কৰে। info

• تدبير الظالم يؤول إلى تدميره.
অত্যাচাৰীসকলৰ ষড়যন্ত্ৰ সদায় সিহঁতৰেই বিনাশৰ কাৰণ হৈ পৰে। info

• قوة عاطفة الأمهات تجاه أولادهن.
নিজৰ সন্তানৰ প্ৰতি মাতৃৰ অতুলনীয় মৰম। info

• جواز استخدام الحيلة المشروعة للتخلص من ظلم الظالم.
অত্যাচাৰীৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ কৌশল অৱলম্বন কৰা বৈধ। info

• تحقيق وعد الله واقع لا محالة.
আল্লাহৰ প্ৰতিশ্ৰুতি নিশ্চিতভাৱে বাস্তৱায়ন হ'ব, ইয়াত কোনো সন্দেহ নাই। info