የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
68 : 28

وَرَبُّكَ یَخْلُقُ مَا یَشَآءُ وَیَخْتَارُ ؕ— مَا كَانَ لَهُمُ الْخِیَرَةُ ؕ— سُبْحٰنَ اللّٰهِ وَتَعٰلٰی عَمَّا یُشْرِكُوْنَ ۟

হে ৰাছুল! আপোনাৰ প্ৰতিপালকে যিটো সৃষ্টি কৰিব বিচাৰে, সেইটোৱে সৃষ্টি কৰে। আনহাতে তেওঁ যাক ইচ্ছা কৰে, তেওঁৰ আনুগত্য আৰু নবুওৱতৰ বাবে নিৰ্বাচিত কৰি লয়। এই ক্ষেত্ৰত মুশ্বৰিকসকলৰ অভিযোগ উত্থাপন কৰাৰ কোনো অধিকাৰ নাই। নিশ্চয় আল্লাহ তাআলা মহা পৱিত্ৰ সেইসকলো অংশীদাৰৰ পৰা, যিবোৰক সিহঁতে অংশী কৰি তেওঁৰ সৈতে ইবাদত কৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• العاقل من يؤثر الباقي على الفاني.
প্ৰকৃত বুদ্ধিমান হৈছে সেইজন ব্যক্তি, যিয়ে অস্থায়ীৰ ওপৰত স্থায়ীক প্ৰাধান্য দিয়ে। info

• التوبة تَجُبُّ ما قبلها.
তাওবাই পূৰ্বৱৰ্তী গুনাহসমূহক মচি দিয়ে। info

• الاختيار لله لا لعباده، فليس لعباده أن يعترضوا عليه.
নবুওৱতৰ বাবে নিৰ্বাচন কৰাৰ অধিকাৰ একমাত্ৰ আল্লাহৰ, এই ক্ষেত্ৰত বান্দাৰ কোনো অধিকাৰ নাই। আনকি এইক্ষেত্ৰত অভিযোগ উত্থাপন কৰাৰো সিহঁতৰ অধিকাৰ নাই। info

• إحاطة علم الله بما ظهر وما خفي من أعمال عباده.
বান্দাৰ প্ৰকাশ্য অপ্ৰকাশ্য সকলো কৰ্মক আল্লাহৰ জ্ঞানে আৱৰি আছে। info