የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
41 : 28

وَجَعَلْنٰهُمْ اَىِٕمَّةً یَّدْعُوْنَ اِلَی النَّارِ ۚ— وَیَوْمَ الْقِیٰمَةِ لَا یُنْصَرُوْنَ ۟

আমি সিহঁতক পাষণ্ড দুৰাচাৰী লোকৰ নেতা বনাইছিলোঁ, সিহঁতে কুফৰী আৰু ভ্ৰান্ত মতবাদৰ দ্বাৰা মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল। কিয়ামতৰ দিনা সিহঁতে শাস্তিৰ পৰা ৰক্ষা পাবলৈ কোনো ধৰণৰ সহায় বিচাৰি নাপাব। বৰং সিহঁতক দ্বিগুণ শাস্তি প্ৰদান কৰা হ’ব, কাৰণ সিহঁতে পাপকৰ্মৰ পৰম্পৰা সৃষ্টি কৰিছিল আৰু মানুহক বিভ্ৰান্ত মতবাদৰ পিনে আহ্বান কৰিছিল। সেইকাৰণে সিহঁতে নিজৰ আমলৰ শাস্তিও ভোগ কৰিব, লগতে সিহঁতৰ কথা মতে আমল কৰা লোকৰ পাপ কৰ্মৰ শাস্তিৰ অংশীদাৰো সিহঁতে হ’ব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• رَدُّ الحق بالشبه الواهية شأن أهل الطغيان.
ভিত্তিহীন সন্দেহৰ বশৱৰ্তী হৈ সত্যক পৰিত্যাগ কৰাটো হৈছে দূৰাচাৰী লোকৰ লক্ষণ। info

• التكبر مانع من اتباع الحق.
অহংকাৰে সত্যৰ অনুসৰণ কৰিবলৈ বাধা প্ৰদান কৰে। info

• سوء نهاية المتكبرين من سنن رب العالمين.
অহংকাৰীসকলৰ পৰিণাম অত্যন্ত বেয়া, এইটো আল্লাহৰ সাধাৰণ নিয়মৰ অন্তৰ্ভু্ক্ত। info

• للباطل أئمته ودعاته وصوره ومظاهره.
অসত্যৰো কিছুমান নেতা, প্ৰচাৰক, বিভিন্ন ৰূপ আৰু আকাৰ থাকে। info