የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
4 : 28

اِنَّ فِرْعَوْنَ عَلَا فِی الْاَرْضِ وَجَعَلَ اَهْلَهَا شِیَعًا یَّسْتَضْعِفُ طَآىِٕفَةً مِّنْهُمْ یُذَبِّحُ اَبْنَآءَهُمْ وَیَسْتَحْیٖ نِسَآءَهُمْ ؕ— اِنَّهٗ كَانَ مِنَ الْمُفْسِدِیْنَ ۟

নিশ্চয় ফিৰআউনে মিচৰৰ ভূমিত উপদ্ৰৱ সৃষ্টি কৰিছিল, তথা তাত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। লগতে মিচৰৰ অধিবাসীসকলক বিভিন্ন গোটত বিভক্ত কৰিছিল। সেইবোৰৰ মাজৰ এটা গোটক অৰ্থাৎ বনী ইছৰাঈলক দুৰ্বল কৰি ৰাখিছিল। সিহঁতৰ মাজৰ পুৰুষসকলক হত্যা কৰিছিল আৰু নাৰীসকলক সিহঁতৰ সেৱা আগবঢ়োৱাৰ বাবে জীৱিত ৰাখিছিল, যাতে সেই গোত্ৰটোক অধিক অপমানিত কৰিব পৰা যায়। নিঃসন্দেহে ফিৰআউন আছিল এজন অত্যাচাৰী, বিদ্ৰূহী তথা অহংকাৰী ব্যক্তি, যিজনে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الإيمان والعمل الصالح سببا النجاة من الفزع يوم القيامة.
ঈমান আৰু সৎকৰ্ম হৈছে কিয়ামতৰ দিনা ভয়-ভীতিৰ পৰা মুক্তি লাভ কৰাৰ উপায়। info

• الكفر والعصيان سبب في دخول النار.
কুফৰ আৰু পাপকৰ্ম হৈছে জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ। info

• تحريم القتل والظلم والصيد في الحرم.
হৰমৰ সীমাৰেখাৰ ভিতৰত অন্যায়-অত্যাচাৰ আৰু হত্যা আদি সম্পূৰূপে নিষিদ্ধ। info

• النصر والتمكين عاقبة المؤمنين.
সহায় আৰু বিজয় লাভ কৰাটোৱে হৈছে মুমিনসকলৰ শেষ পৰিণতি। info