የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
30 : 28

فَلَمَّاۤ اَتٰىهَا نُوْدِیَ مِنْ شَاطِئِ الْوَادِ الْاَیْمَنِ فِی الْبُقْعَةِ الْمُبٰرَكَةِ مِنَ الشَّجَرَةِ اَنْ یّٰمُوْسٰۤی اِنِّیْۤ اَنَا اللّٰهُ رَبُّ الْعٰلَمِیْنَ ۟ۙ

মুছা আলাইহিচ্ছালাম যেতিয়া তেওঁ দেখা পোৱা জুই কুৰাৰ ওচৰ পালেগৈ, তেতিয়া মহান তথা পৱিত্ৰ আল্লাহে উপত্যকাৰ সোঁফালৰ পৰা, অৰ্থাৎ সেই স্থানৰ পৰা যি স্থানক আল্লাহে মুছা আলাইহিচ্ছালামৰ লগত কথাপোকথনৰ বাবে বৰকতময় কৰি দিছিল, এজোপা গছৰ পৰা মাতি ক’লেঃ হে মুছা! ময়েই আল্লাহ, গোটেই সৃষ্টিজগতৰ প্ৰতিপালক। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الوفاء بالعقود شأن المؤمنين.
প্ৰতিশ্ৰুতি পূৰণ কৰাটো হৈছে মুমিনসকলৰ মৰ্যাদা। info

• تكليم الله لموسى عليه السلام ثابت على الحقيقة.
মুছা আলাইহিচ্ছালামে আল্লাহৰ লগত কৰা বাৰ্তালাপ বাস্তৱিকৰূপে প্ৰমাণিত। info

• حاجة الداعي إلى الله إلى من يؤازره.
ধৰ্ম প্ৰচাৰত জৰিত ব্যক্তিসকলৰো সহায়কৰ প্ৰয়োজন হ'ব পাৰে। info

• أهمية الفصاحة بالنسبة للدعاة.
ধৰ্ম প্ৰচাৰকসকলৰ বাবে ভাষাজ্ঞানত দক্ষ হোৱাটো অতি গুৰুত্বপূৰ্ণ। info