የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
29 : 28

فَلَمَّا قَضٰی مُوْسَی الْاَجَلَ وَسَارَ بِاَهْلِهٖۤ اٰنَسَ مِنْ جَانِبِ الطُّوْرِ نَارًا ۚ— قَالَ لِاَهْلِهِ امْكُثُوْۤا اِنِّیْۤ اٰنَسْتُ نَارًا لَّعَلِّیْۤ اٰتِیْكُمْ مِّنْهَا بِخَبَرٍ اَوْ جَذْوَةٍ مِّنَ النَّارِ لَعَلَّكُمْ تَصْطَلُوْنَ ۟

মুছা আলাইহিচ্ছালামে যেতিয়া অধিকতম ম্যাদ অৰ্থাৎ দহ বছৰ সম্পূৰ্ণ কৰি নিজ পৰিয়ালক লগত লৈ মাদিয়ানৰ পৰা মিচৰলৈ ৰাওনা হ’ল, তেতিয়া তেওঁ তুৰ পৰ্বতৰ প্ৰান্তত জুই দেখা পালে। সেয়ে তেওঁ নিজ পৰিয়ালক ক’লেঃ তোমালোকে ইয়াতে অৱস্থান কৰা, নিশ্চয় মই জুই দেখা পাইছোঁ। গতিকে সম্ভৱতঃ মই তাৰ পৰা তোমালোকৰ বাবে কোনো খবৰ লৈ আহিব পাৰিম নাইবা একুৰা জুই আনিম, যিটোৰ জৰিয়তে তোমালোকে জুই জ্বলাই শীতৰ পৰা ৰক্ষা পাব পাৰিবা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الوفاء بالعقود شأن المؤمنين.
প্ৰতিশ্ৰুতি পূৰণ কৰাটো হৈছে মুমিনসকলৰ মৰ্যাদা। info

• تكليم الله لموسى عليه السلام ثابت على الحقيقة.
মুছা আলাইহিচ্ছালামে আল্লাহৰ লগত কৰা বাৰ্তালাপ বাস্তৱিকৰূপে প্ৰমাণিত। info

• حاجة الداعي إلى الله إلى من يؤازره.
ধৰ্ম প্ৰচাৰত জৰিত ব্যক্তিসকলৰো সহায়কৰ প্ৰয়োজন হ'ব পাৰে। info

• أهمية الفصاحة بالنسبة للدعاة.
ধৰ্ম প্ৰচাৰকসকলৰ বাবে ভাষাজ্ঞানত দক্ষ হোৱাটো অতি গুৰুত্বপূৰ্ণ। info