የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
19 : 28

فَلَمَّاۤ اَنْ اَرَادَ اَنْ یَّبْطِشَ بِالَّذِیْ هُوَ عَدُوٌّ لَّهُمَا ۙ— قَالَ یٰمُوْسٰۤی اَتُرِیْدُ اَنْ تَقْتُلَنِیْ كَمَا قَتَلْتَ نَفْسًا بِالْاَمْسِ ۗ— اِنْ تُرِیْدُ اِلَّاۤ اَنْ تَكُوْنَ جَبَّارًا فِی الْاَرْضِ وَمَا تُرِیْدُ اَنْ تَكُوْنَ مِنَ الْمُصْلِحِیْنَ ۟

যেতিয়া মুছা আলাইহিচ্ছালামে কিবতীক কৰায়ত্ব কৰিব বিচাৰিলে, যিজন মুছাৰ শত্ৰু আছিল তথা ইছৰাঈলী ব্যক্তিৰো শত্ৰু আছিল; তেতিয়া ইছৰাঈলী ব্যক্তিজনে ভাৱিলে যে, মুছা আলাইহিচ্ছালামে তাক কৰায়ত্ব কৰিবলৈ আহিছে, যিহেতু মুছা আলাইহিচ্ছালামে ইতিপূৰ্বে তাক কৈছিল, নিশ্চয় তুমি এজন বিভ্ৰান্ত সৃষ্টিকাৰী তথা প্ৰকাশ্য পথভ্ৰষ্ট; সেয়ে সি ধাৰণা কৰিছিল যে, মুছা আলাইহিচ্ছালামে তাকেই কৰায়ত্ব কৰিবলৈ আহিছে, গতিকে সি মুছা আলাইহিচ্ছালামক ক’লেঃ তুমি আজি মোকো হত্যা কৰিব বিচাৰিছা নেকি, যিদৰে যোৱাকালি তুমি এজন ব্যক্তিক হত্যা কৰিছিলা? নিশ্চয় তুমি পৃথিৱীত স্বেচ্ছাচাৰী দুৰাচাৰী হৈ মানুহক হত্যা কৰিব বিচৰা আৰু সিহঁতৰ ওপৰত অন্যায়-অত্যাচাৰ কৰিব বিচৰা। তুমি কেতিয়াও দুজন কাজিয়া কৰা লোকৰ মাজত মীমাংসা নিবিচৰা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الاعتراف بالذنب من آداب الدعاء.
অপৰাধ স্বীকাৰ কৰাটো হৈছে দুআ কৰাৰ অন্যতম শিষ্টাচাৰ। info

• الشكر المحمود هو ما يحمل العبد على طاعة ربه، والبعد عن معصيته.
ইতিবাচক কৃতজ্ঞতা হৈছে সেইটো, যি কৃতজ্ঞতাই বান্দাক নিজ প্ৰতিপালকৰ আনুগত্য পালনত তথা পাপকৰ্মৰ পৰা আঁতৰি থকাত সহায় কৰে। info

• أهمية المبادرة إلى النصح خاصة إذا ترتب عليه إنقاذ مؤمن من الهلاك.
কাৰোবাৰ শুভকামনা কৰিলে সোনকালে কৰাৰ গুৰুত্ব। বিশেষকৈ কোনো মুমিনক বিনাশৰ পৰা ৰক্ষা কৰাৰ সময়ত। info

• وجوب اتخاذ أسباب النجاة، والالتجاء إلى الله بالدعاء.
আত্মৰক্ষাৰ উপায় অৱলম্বন কৰাৰ লগতে আল্লাহৰ ওচৰত বিনয়পূৰ্বক দুআ কৰাটোও অতি আৱশ্যক। info