የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
11 : 28

وَقَالَتْ لِاُخْتِهٖ قُصِّیْهِ ؗ— فَبَصُرَتْ بِهٖ عَنْ جُنُبٍ وَّهُمْ لَا یَشْعُرُوْنَ ۟ۙ

মুছা আলাইহিচ্ছালামৰ মাতৃয়ে তেওঁক সাগৰত নিক্ষেপ কৰাৰ পিছত, মুছাৰ ভনীয়েকক নিৰ্দেশ দিলে যে, তুমি এই বাকচৰ পিছে পিছে যোৱাঁ। ইয়াৰ লগত কি সংঘটিত হয় সেই বিষয়ে যাতে সবিশেষ তথ্য জানিব পাৰা। এতেকে তাই সেই বাকচটোক দূৰৰ পৰাই লক্ষ্য ৰাখিছিল, যাতে ৰহস্য ফাদিল হৈ নাযায়। ইপিনে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ লোকসকলে গমেই নাপালে যে, এই ছোৱালীজনী মুছাৰ ভনী তথা তাই ইয়াৰ খবৰ সংগ্ৰহ কৰিবলৈ আহিছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تدبير الله لعباده الصالحين بما يسلمهم من مكر أعدائهم.
আল্লাহে তেওঁৰ মুমিন বান্দাসকলক শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিবলৈ কৌশল অৱলম্বন কৰে। info

• تدبير الظالم يؤول إلى تدميره.
অত্যাচাৰীসকলৰ ষড়যন্ত্ৰ সদায় সিহঁতৰেই বিনাশৰ কাৰণ হৈ পৰে। info

• قوة عاطفة الأمهات تجاه أولادهن.
নিজৰ সন্তানৰ প্ৰতি মাতৃৰ অতুলনীয় মৰম। info

• جواز استخدام الحيلة المشروعة للتخلص من ظلم الظالم.
অত্যাচাৰীৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ কৌশল অৱলম্বন কৰা বৈধ। info

• تحقيق وعد الله واقع لا محالة.
আল্লাহৰ প্ৰতিশ্ৰুতি নিশ্চিতভাৱে বাস্তৱায়ন হ'ব, ইয়াত কোনো সন্দেহ নাই। info