የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
10 : 28

وَاَصْبَحَ فُؤَادُ اُمِّ مُوْسٰی فٰرِغًا ؕ— اِنْ كَادَتْ لَتُبْدِیْ بِهٖ لَوْلَاۤ اَنْ رَّبَطْنَا عَلٰی قَلْبِهَا لِتَكُوْنَ مِنَ الْمُؤْمِنِیْنَ ۟

ইপিনে মুছা আলাইহিচ্ছালামৰ মাতৃৰ অৱস্থা এনেকুৱা হৈছিল যে, তেওঁ পৃথিৱীৰ সকলো বিষয় ত্যাগ কৰি অকল মুছাকলৈয়ে চিন্তিত আছিল। তেওঁ ধৈৰ্য্য ধাৰণত ব্যাকুল হৈ পৰিছিল। ইমান অস্থিৰ হৈ পৰিছিল যে, জানোচা কেতিয়া প্ৰকাশ কৰি দিয়ে “এওঁ মোৰেই সন্তান”। কিন্তু আমি তেওঁৰ অন্তৰ সুদৃঢ় কৰি ৰাখিছিলোঁ আৰু ধৈৰ্য্য ধাৰণ কৰাৰ সামৰ্থ প্ৰদান কৰিছিলোঁ। যাতে তেওঁ সেইসকল মুমিনৰ তালিকাভুক্ত হ’ব পাৰে, যিসকলে নিজ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে তথা যিসকলে তেওঁৰ ফয়চালাত সন্তুষ্টি ব্যক্তি কৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تدبير الله لعباده الصالحين بما يسلمهم من مكر أعدائهم.
আল্লাহে তেওঁৰ মুমিন বান্দাসকলক শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিবলৈ কৌশল অৱলম্বন কৰে। info

• تدبير الظالم يؤول إلى تدميره.
অত্যাচাৰীসকলৰ ষড়যন্ত্ৰ সদায় সিহঁতৰেই বিনাশৰ কাৰণ হৈ পৰে। info

• قوة عاطفة الأمهات تجاه أولادهن.
নিজৰ সন্তানৰ প্ৰতি মাতৃৰ অতুলনীয় মৰম। info

• جواز استخدام الحيلة المشروعة للتخلص من ظلم الظالم.
অত্যাচাৰীৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ কৌশল অৱলম্বন কৰা বৈধ। info

• تحقيق وعد الله واقع لا محالة.
আল্লাহৰ প্ৰতিশ্ৰুতি নিশ্চিতভাৱে বাস্তৱায়ন হ'ব, ইয়াত কোনো সন্দেহ নাই। info