የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
63 : 27

اَمَّنْ یَّهْدِیْكُمْ فِیْ ظُلُمٰتِ الْبَرِّ وَالْبَحْرِ وَمَنْ یُّرْسِلُ الرِّیٰحَ بُشْرًاۢ بَیْنَ یَدَیْ رَحْمَتِهٖ ؕ— ءَاِلٰهٌ مَّعَ اللّٰهِ ؕ— تَعٰلَی اللّٰهُ عَمَّا یُشْرِكُوْنَ ۟ؕ

বৰং (তেৱেঁই প্ৰকৃত উপাস্য) যিজনে তোমালোকক জল আৰু স্থলৰ অন্ধকাৰত বিভিন্ন প্ৰতীক আৰু নক্ষত্ৰৰ দ্বাৰা পথ দেখুৱায়। যিজনে বতাহক বৰষুণৰ পূৰ্বে সুসংবাদবাহীৰূপে প্ৰেৰণ কৰে, যাৰ দ্বাৰা তেওঁ বান্দাসকলৰ প্ৰতি দয়া কৰে। কোৱাচোন! আছে নেকি কোনোবা উপাস্য, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? নাই, কোনো নাই। আল্লাহ অতি পৱিত্ৰ। সৃষ্টিক তেওঁৰ লগত অংশীদাৰৰ পৰা তেওঁ মহাপৱিত্ৰ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لجوء أهل الباطل للعنف عندما تحاصرهم حجج الحق.
বাতিলপন্থীসকলে যেতিয়া সত্যৰ যুক্তি খণ্ডন কৰিব নোৱাৰে, তেতিয়া উৎপীড়ন তথা অন্যায়-অত্যাচাৰত অৱতীৰ্ণ হয়। info

• رابطة الزوجية دون الإيمان لا تنفع في الآخرة.
পতি-পত্নীৰ সম্পৰ্ক যদি ঈমানৰ পৰা খালী হয় তেন্তে সেই সম্পৰ্কই আখিৰাতত কোনো লাভদায়ক নহ'ব। info

• ترسيخ عقيدة التوحيد من خلال التذكير بنعم الله.
আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰি তাওহীদৰ আক্বীদাক অন্তৰত দৃঢ়ভাৱে গাঁথি লোৱা উচিত। info

• كل مضطر من مؤمن أو كافر فإن الله قد وعده بالإجابة إذا دعاه.
প্ৰত্যেক নিৰুপায় ব্যক্তি, মুমিন হওক অথবা কাফিৰ; যদি আল্লাহৰ ওচৰত দুআ কৰে তেন্তে আল্লাহে তাৰ দুআ কবূল কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। info